NORTHEAST NOW (Assamese)
অসম

মোদী চৰকাৰে অসমীয়াৰ সৈতে মাছ-বেঙৰ খেলটো খেলিছে, কিয় ক’লে অখিলে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 3, 2019 10:32 pm
Akhil Gogoi

সৰু ল’ৰা-ছোৱালীৰ সৈতে জ্যেষ্ঠসকলে খেলা গৰৈ মাছ আৰু বেঙৰ খেলবিধেই মোদী চৰকাৰে অসমীয়া জাতিৰ সৈতে খেলিছে বুলি মন্তব্য কৰি বৃহস্পতিবাৰে সংবাদমেলত খেলবিধৰ প্ৰদৰ্শনো দাঙি ধৰে অখিল গগৈয়ে।

“সৰু ল’ৰা-ছোৱালীক ডাঙৰ বিলাকে গৰৈ গৰৈ বুলি তৰ্জনী আঙুলিটো দেখুৱাই থাপ মাৰি ধৰিবৰ সময়ত বুঢ়া আঙুলি দেখুৱাই দি ডাঙৰসকলে ঠগে। এই খেলটোৱে মোদী চৰকাৰে অসমীয়া জাতিৰ লগত খেলিছে,” সংবাদমেলযোগে এই দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনৰ।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসমৰ সৰ্বত্ৰ প্ৰতিবাদৰ জুই জ্বলাই অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে উচ্চস্তৰীয় কমিটি গঠনৰ সিদ্ধান্তক মাছ-বেং খেলৰ সৈতে তেওঁ তুলনা কৰিছে।

“৭০টা জাতীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, অসমৰ বুদ্ধিজীৱী সমাজ তথা সকলোৱে এই বিধেয়কৰ বিৰুদ্ধে মাত মাতিছে, সেই সময়তে সেইসকলৰ ক্ষোভ প্ৰশমিত কৰিবৰ কাৰণে চৰকাৰে গৰৈ গৰৈ গৰৈ কৈ বেঙ ধৰিবলৈ কোৱাৰ দৰে ল’ৰা ধেমালি খেলিছে,” কয় গগৈয়ে।

অসম চুক্তিৰ ৩৪ বছৰ পাছত নতুনকৈ কমিটি গঠন কৰাৰ কথাটো চুক্তিখনৰ লগতে অসম আন্দোলনৰ প্ৰতিও এক অপমান বুলি সংবাদমেলত মন্তব্য কৰে গগৈয়ে।