NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰৰত এগৰাকী মহিলাৰ তাঁতশালত অজগৰ উদ্ধাৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 1, 2020 3:23 pm
শিৱসাগৰৰত এগৰাকী মহিলাৰ তাঁতশালত অজগৰ উদ্ধাৰ

শিৱসাগৰ নগৰৰ সমীপৰ মেটেকাৰ বিৰিঙনি চুক গাঁৱত আজি এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়।

আজি পুৱা কল্পনা বৰা নামৰ মহিলাগৰাকীৰ ঘৰৰ তাঁতশালত উদ্ধাৰ হয় উক্ত অজগৰটো। সেই স্থানত উমনি লৈ থকা কুকুৰা এজনীৰ কাষলৈ যাওঁতে কল্পনা বৰাৰ জোঁৱায়েক মৃগেন বৰাই অজগৰটো প্ৰত্যক্ষ কৰে।

পিছত পৰিয়ালটোৰ লোকে লগে লগে শিৱসাগৰৰ বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি অজগৰটো উদ্ধাৰ কৰি লৈ যায়।

অজগৰটোৰ দৈৰ্ঘ্য প্ৰায় ১৫ ফুট হ’ব বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

মানুহৰ ঘৰত এইদৰে অজগৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত এক মৃদু চাঞ্চল্যৰ সৃষ্টি কৰে।