NORTHEAST NOW (Assamese)
অসম

টীয়কত আৰক্ষীৰ অভিযানত পিষ্টল সহ আটক দুগৰাকী লোক

Posted by: স্মিতা ভট্টাটাৰ্য Updated by: স্মিতা ভট্টাটাৰ্য February 24, 2020 8:47 pm
7af33a90-e0a9-4b7f-9184-a2aa136a16e8

যোৰহাট জিলাৰ টীয়ক আৰক্ষী চকীৰ অন্তৰ্গত ৰবি বোনাই গাঁৱত আজি আৰক্ষীয়ে সন্ধিয়া অভিযান চলাই দুগৰাকী লোকক আটক কৰাৰ লগতে এটা ৭.৬৫ এম এম পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰা লোক দুগৰাকী হ’ল বিশ্বজিৎ নেওগ(২৭)আৰু তপন শইকীয়া(৩৮)।

অবৈধ অস্ত্ৰ ৰখাৰ অপৰাধত দুয়োগৰাকী লোকক আৰক্ষীয়ে আটক কৰে আৰু টীয়ক আৰক্ষী থানাত দুয়োৰো বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে।

আনহাতে, আৰক্ষীৰ প্ৰাথমিক সোধ-পোছত দুয়োগৰাকী লোকে পিষ্টলটো তেওঁলোকে লাভ কৰি লগত ৰাখিছিল বুলি কয়।

আৰক্ষীয়ে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে তেওঁলোকে পিষ্টলটো লাভ কৰিলেও সেইটো লগত নাৰাখি আৰক্ষীৰ হাতত গটাই দিব লাগিছিল।

আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰু আটক কৰা লোক দুগৰাকীৰ কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে কোনো সম্পৰ্ক আছে নাই সেই সম্বন্ধে অনুসন্ধান চলাই আছে।