NORTHEAST NOW (Assamese)
অসম

নতুন শিক্ষা মন্ত্ৰীৰ আশ্বাসত ৬ বছৰে দৰমহা বঞ্চিত শিৱসাগৰৰ শিক্ষকৰ মুখত আশাৰ ৰেঙণি

Posted by: এন ই নাও নিউজ May 17, 2018 8:27 am
siddhartha bhattacharya

ৰাজ্যৰ নতুন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিৱসাগৰ জিলাৰ ৬ বছৰ ধৰি বেতনৰ পৰা বঞ্চিত ১,৫৩৪ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহা শীঘ্ৰে মুকলি কৰি দিয়া হ’ব বুলি সদৰী কৰিছে।

প্ৰাপ্ত তথ্য মতে কালি শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি টুটু বৰঠাকুৰৰ নেতৃত্বত যোৱা সন্মিলনীৰ এটা প্ৰতিনিধি দলে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক লগ ধৰাৰ সময়তে মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধি দলটোক এই আশ্বাস দিয়ে।

উল্লেখযোগ্য যে আগৰ কংগ্ৰেছ আৰু অগপ চৰকাৰৰ দিনতে নিযুক্তি পোৱা শিৱসাগৰ জিলাৰ ১,৫৩৪ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে বিগত ৬ বছৰ ধৰি পাঠদান আগবঢ়াই অহাৰ নামত এটকাও বেতন লাভ কৰা নাই।

যাৰ ফলত সংশ্লিষ্ট শিক্ষকসকলৰ বহু কেইগৰাকী শিক্ষকে পেটৰ তাড়নাত বিদ্যালয়ত পাঠদান কৰাৰ উপৰি দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰো উদাহৰণ সময়ে সময়ে বাতৰিত প্ৰকাশ পাই আহিছে।

এই পৰিপ্ৰেক্ষিতত নতুন শিক্ষা মন্ত্ৰীৰ আশ্বাসে উক্ত শিক্ষকসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে যদিও ইয়াক কেৱল আশ্বাসতে সীমাবদ্ধ নাৰাখি কিমান সোনকালে বাস্তৱত কাৰ্যকৰী কৰে সেয়া লক্ষ্যণীয় হ’ব।