NORTHEAST NOW (Assamese)
Popular Stories

১৮ খন ৰাষ্ট্ৰলৈ ভাৰতে যোগান ধৰিব বুলেট প্ৰুফ জাকেট!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2020 1:03 pm
5c3828899d7d69f288c126d1655ca6aa

১৮ খন ৰাষ্ট্ৰলৈ ভাৰতে যোগান ধৰিব বুলেট প্ৰুফ জাকেট!

বিশ্বৰ ১৮ খন ৰাষ্ট্ৰলৈ ভাৰতে বুলেট প্ৰুফ জাকেট যোগান ধৰিব। সংসদত এই কথা ঘোষাণা কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে।

বুলেট প্ৰুফ জাকেট  উৎপাদন সম্পৰ্কীয় এক প্ৰশ্নোত্তৰত এই কথা ঘোষণা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সংসদৰ মজিয়াত কয় যে ভাৰতে ১৮ ৰাষ্ট্ৰলৈ বুলেট প্ৰুফ জাকেট ৰপ্তানি কৰিব আৰু ৰাষ্ট্ৰকেইখনৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

ব্লুলেট প্ৰুফ জাকেট নিৰ্মাণৰ বাবে ইতিমধ্যে দেশৰ ১৫ টা কোম্পানীক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। আৰু প্ৰতিটো কোম্পানীয়ে ১০ লাখকৈ  জাকেট নিৰ্মাণ কৰিব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগাৰীকয়ে জানিবলৈ দিয়ে।