NORTHEAST NOW (Assamese)
অসম

অচিৰেই ভাৰতত মুকলি হ’ব বিশ্বৰ আটাইতকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2019 4:33 pm
The-worlds-largest-cricket-stadium-in-India-can-restart-matches-within-30-minutes-of-rain2

 

অচিৰেই ভাৰতত বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন মুকলি হ’ব।

বিশ্বৰ আটাইতকৈ বৃহৎ হোৱাৰ উপৰি গুজৰাটৰ আহমেদাবাদৰ ওচৰৰ মটেৰাৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামত তিনিখন ভিন্ন ধৰণৰ পিট্ছ থাকিব।

সেইবোৰ বাউন্সি, স্পীন ফ্ৰেইণ্ডলি বা  ফাষ্ট বলাৰ আৰু স্পীনাৰ দুয়োধৰণৰ বলাৰৰ সহায়ক হ’ব।

প্ৰকল্পটো ৰূপায়ন কৰা গুজৰাট ক্ৰিকেট এছোচিয়েশ্যনে (জি চি এ) মুঠতে ১১খন পিট্ছ তৈয়াৰ কৰি আছে।

‘’কিছুমান পিট্ছ ৰঙা মাটিৰে প্ৰস্তুত কৰা হ’ব। আন কিছুমান ক’লা মাটি আৰু কিছুমান দুয়োটাৰে সংমিশ্ৰণত প্ৰস্তুত কৰা হ’ব। ইয়াৰ বাউন্সি আৰু স্পীন সহায়ক পিট্ছৰ লগতে প্ৰয়োজন অনুসৰি স্পৰ্টিং পিট্ছ তৈয়াৰ কৰা হ’ব,’’- জিচিএৰ উপ সভাপতি ধনৰাজ নাথৱনিয়ে সংবাদ মাধ্যমক এইদৰে জানিব দিয়ে।

তদুপৰি, ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ব যে বৰষুণৰ পানী ৩০ মিনিটৰ ভিতৰতে সিচি উলিয়াই দিব পৰাকৈ নলাৰ সুবিধা থাকিব।

নাথৱনিয়ে জানিব দিয়ে যে জিচিএই বৰষুণ বন্ধ হোৱাৰ ৩০ মিনিটৰ ভিতৰত গোটেই খেলপথাৰখন শুকাবলৈ এক উপৰিভাগৰ দাঁতিয়েদি নলা ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে।

এই ব্যৱস্থাটোৰ ফলত বৰষুণৰ বাবে মেচ বাতিল হোৱাৰ সম্ভাৱনা হ্ৰাস পাব।

ষ্টেডিয়ামখনত ২০২০’ৰ মাৰ্চত প্ৰথমখন উদ্বোধনী মেচ এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

The-parking-area-will-bear-nearly-3000-cars-and-10000-two-wheelers3
ফটো: টুইটাৰ/অল্ ইণ্ডিয়া ৰেডিঅ’

গুজৰাট ক্ৰিকেট এছোচিয়েশ্যনৰ উপ সভাপতি পৰিমল নাথৱনিয়ে ষ্টেডিয়ামখনৰ অগ্ৰগতিৰ কিছু ছবি টুইটাৰত প্ৰকাশ কৰিছে।

ভাৰতত ক্ৰিকেটৰ জনপ্ৰিয়তা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। বিশেষকৈ শেহতীয়াকৈ টী-২০ৰ দৰে নতুন ফৰমেটৰ লীগসমূহৰ খেল আৰম্ভ কৰাৰ পাছত দেশখনত ক্ৰিকেটৰ জনপ্ৰিয়তা প্ৰচুৰ বৃদ্ধি পাইছে।

জানিব পৰা মতে, ভাৰতে ২০২৩’ বিশ্বকাপ অনুষ্ঠিত কৰাৰ বাবে নিবিদা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। দেশখনে ইতিমধ্যে ২০১১’ত বিশ্বকাপ অনুষ্ঠিত কৰিছিল।