NORTHEAST NOW (Assamese)
Popular Stories

“কেব আমি কেতিয়াও মানি নলওঁ”; পুনৰ জুবিনৰ সকলোকে ওলাই আহিবলৈ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2019 4:34 pm
Zubeen Garg observing ‘Sankalpa Day’ to protest against the Centre’s move of passing the contentious Citizenship (Amendment) Bill, 2016 on 17-01-19. The protest is initiated by the Kalaguru Artist Federation and would be staged by the Artists Federation of the state .pix by UB PHOTOS

‘কেব’ৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ সমান্তৰালভাৱে পূৰ্বৰে পৰা বিধেয়কৰ বিৰোধিতা কৰি মাত মাতি আহিছে জুবিন গাৰ্গেও।

জুবিন গাৰ্গে আজি পুনৰ ছচিয়েল মিডিয়াৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিবলৈ সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছে।

লগতে জুবিন গাৰ্গে কটল কলেজৰ ৰণহুংকাৰ কাৰ্যসূচীতো সকলোকে অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

তাৰোপৰি নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰি জুবিনে কয় যে, “আমাৰ লগত পলিটিক্স নকৰিব। কেব আমি কেতিয়াও মানি নলওঁ। অসমীয়া জাতি-ভাষাৰ বাবে সদায় আছো।’

লগতে জুবিনে কয় যে, “হিন্দু, বাঙালী, মুছলিম সৃষ্টি কৰিবলৈ যি পলিটিক্স কৰিছে সেইটো আমি ৰোধ কৰিম আৰু তাৰ কাৰেণ সকলো ওলাই আহক।”