NORTHEAST NOW (Assamese)
অসম

সংসদৰ অধিবেশনত ভাগ লোৱাৰ বাবে মধুচন্দ্ৰিকা বাতিল মেঘালয়ৰ সাংসদ আগথা চাংমাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2019 4:50 pm
Agatha

সংসদৰ শীতকালীন অধিবেশনত অংশগ্ৰহণ কৰাৰ বাবে মধুচন্দ্ৰিকা ত্যাগ কৰিছে মেঘালয়ৰ তুৰা সমষ্টিৰ নেশ্যনেল পিপ’লছ পাৰ্টি(এন পি পি)ৰ সাংসদ আগাথা চাংমাই।

বুধৰাবে কেন্দ্ৰীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱাৰ দিনাখন আগাথাই লোকসভাত অংশগ্ৰহণ কৰে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ভগ্নী তথা সাংসদ আগাথা চাংমাই ২১ নবেম্বৰত চিকিৎসক পেট্ৰিক ৰংমা মাৰাকৰ সৈতে বিবাশপাশত আবদ্ধ হৈছিল।

বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই জনোৱা মতে, অহা সপ্তাহতে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা হ’ব।

উল্লেখযোগ্য যে, সদনত সাংসদ সকলৰ সেৰেঙা উপস্থিতিৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসন্তুষ্টি ব্যক্ত কৰি সাংসদ সকলক উপস্থিতিৰ হাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

উত্তৰ-পূৱত এন পি পি যদিও বিজেপি নেতৃত্বাধীন নেডাৰ অংশীদাৰি দল তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে।

সূত্ৰৰ পৰা লাভ কৰা খবৰ মতে, আগাথাই লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিতৰ্কত অংশ ল’লেও ভোটৰ দিনাখন অনুপস্থিত থকাৰ সম্ভাৱনা আছে।