NORTHEAST NOW (Assamese)
অসম

নগাঁৱত চাৰিটা অবৈধ কাঠ ফলা মিল উৎখাত বন বিভাগৰ

Posted by: বিদ্যুৎ জ্যোতি বৰা September 10, 2018 7:13 am
Chamaguri Shawmill seized.Photo

নগাঁও জিলা বন বিভাগে দেওবাৰে অভিযান চলাই ৪ টা অবৈধ কাঠ ফলা মিল উৎখাত কৰিবলৈ সক্ষম হয়। নগাঁও সদৰ আঞ্চলিক আৰু শালনা আঞ্চলিক কাৰ্যলয়ৰ বনকৰ্মীয়ে যুটীয়াভাৱে অভিযান চলাই এই কাঠ ফলা মিলকেইটা উৎখাত কৰে।

নগাঁও সদৰ বনাঞ্চলিক কাৰ্যলয়ৰ বনাঞ্চলিক বিষয়া নেপাল মণ্ডল আৰু শালনা বনাঞ্চলিক বিষয়া চেলিম আহমেদৰ নেতৃত্বত যোৱা বনকৰ্মীৰ বৃহৎ দলটোৱে পানীখাইটি, আমবাগান আৰু কাঠপাৰাৰ পৰা এই অবৈধ কাঠফলা মিলকেইটা উৎখাত কৰে।

পানীখাইটিৰ জাকিৰ হুছেইন, কাঠপাৰাৰ মহম্মদ আলালউদ্দিন, আমবাগানৰ অমৰ দত্ত আৰু কৰ্ণ বিশ্বাস নামৰ চোৰাং কাঠ ব্যৱসায়ী কেইজনে দীৰ্ঘদিন ধৰি বন বিভাগৰ চকুত ধুলি দি অবৈধভাৱে কাঠফলা মিলকেইটাৰ জৰিয়তে অবৈধ কাঠৰ ব্যৱসায় চলাই আহিছিল।

দেওবাৰে পুৱাৰে পৰা নগাঁও বন বিভাগে অতি কৌশলেৰে এই মিলকেইটা উৎখাত কৰি কাঠফলা যন্ত্ৰসমূহ জব্দ কৰে। অৱশ্যে, কাঠফলা মিলকেইটা জব্দ কৰে যদিও বনবিভাগে এই চোৰাং কাঠ ব্যৱসায়ীকেইজনৰ এজনো ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ’ল।