NORTHEAST NOW (Assamese)
অসম

মূল্যবৃদ্ধিৰ প্ৰতিবাদ: কংগ্ৰেছে আহ্বান দিয়া ভাৰত বন্ধৰ প্ৰভাৱ গুৱাহাটীত

Posted by: এন ই নাও নিউজ September 10, 2018 8:13 am
09-09-18 Guwahati- Congress protest rally (3)

পেট্ৰ’ল , ডিজেল , ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান দিয়া ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে মহানগৰী গুৱাহাটীত। সোমবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ আহ্বান দিয়া ভাৰত বন্ধৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু গুৱাহাটী তথা ইয়াৰ আশে পাশে বন্ধৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে।

আজি পুৱাৰ ভাগত বন্ধৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বেই মহানগৰীৰ দাঁতি কাষৰীয়া  সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ব্যক্তিগত সেৱাৰ যান বাহন প্ৰায় বন্ধ হৈ পৰিছে আৰু ৰাজপথত জনসমাগমো তেনেই পাতল দেখা গৈছে।

বন্ধ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ আন প্ৰান্ততো কিছুমান অঞ্চলত বন্ধ সৰ্বাত্মক ৰূপত পালন হৈছে যদিও আন কিছুমান অঞ্চলত বন্ধৰ প্ৰভাৱ পৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে পেট্ৰ’ল ডিজেল আৰু ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰোধিতাৰে দেওবাৰে কংগ্ৰেছে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মহানগৰীতো চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, নলবাৰী,নগাঁও, ধুবুৰী, জাগীৰোড, গোৱালপাৰা, মঙলদৈ আদিতো যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।