বিশ্বৰ “বঞ্চিত” হিন্দুৰ বাবে ৰাষ্ট্ৰ প্ৰতিষ্ঠা পলাতক অভিযুক্ত ধৰ্মগুৰুৰ

ধৰ্ষণ আৰু ছেক্স স্কেণ্ডেলত অভিযুক্ত, পলাতক ধৰ্মগুৰু স্বামী নিত্যানন্দই বুধবাৰে মুকলি কৰিছে “বঞ্চিত” হিন্দুৰ বাবে নিজাববীয়াকৈ তেওঁ প্ৰতিষ্ঠা কৰা হিন্দু ৰাষ্ট্ৰ “কৈলাশ”।
গোটেই পৃথিৱীৰ “বঞ্চিত” হিন্দুসকলে স্বামীৰ “কৈলাশ দেশ”ৰ নাগৰিক হ’ব পাৰিব।
ভাৰতীয় সংস্থাসমূহে এতিয়াও বিচাৰি নোপোৱা আত্মগোপনকাৰী নিত্যানন্দই এক ৱেবছাইটযোগে এই কথা ঘোষণা কৰিছে।
“কৈলাশ হৈছে নিজৰ নিজৰ দেশত সঠিকভাৱে হিন্দুধৰ্ম চৰ্চাৰ অধিকাৰ হেৰুৱাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ বঞ্চিত হিন্দুৰ এক সীমাবিহীন দেশ,” kailaasa.org নামৰ ছাইটটোত উল্লেখ।
নিত্যানন্দই নিজা চৰকাৰ আৰু চৰকাৰী বিভাগো গঠন কৰিছে।
কৈলাশত আছে এইচ ডি এইচ অ’ (office of the His Divine Holiness Bhagwan Sri Nithyananda Paramashivam), গৃহ নিৰাপত্তা আৰু প্ৰতিৰক্ষা, বিত্ত, বাণিজ্য, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, মানৱ সেৱা, গৃ্হ নিৰ্মাণ আৰু বোধপ্ৰাপ্ত সভ্যতা বিভাগ।
ছাইটটোৰমতে, কৈলাশে সনাতন হিন্দু ধৰ্মৰ সংৰক্ষণ আৰু সুৰক্ষাৰ লগতে বিশ্বই এতিয়াও গম নোপোৱা “নিপীড়ন”ৰ কাহিনীসমূহ প্ৰচাৰ কৰিব।
কৈলাশৰ এখন পতাকা আৰু প্ৰতীকো মুকলি কৰা হৈছে। দেশখনৰ বিভাগীয় ভাষা হ’ব তামিল, সংস্কৃত আৰু ইংৰাজী।
দেশখন তেওঁ “কজমিক (cosmic)” দেশ বুলিছে, কিন্তু “কৈলাশ অন আৰ্থ”-ও বুলিছে– সেয়ে ধাৰণাটো এতিয়াও স্পষ্ট হোৱা নাই।
এটা বাতৰিমতে, নিত্যানন্দই দক্ষিণ এমেৰিকান দেশ ইকুৱেদৰৰ পৰা এটা ব্যক্তিগত দ্বীপ কিনিছে।
এগৰাকী অভিনেত্ৰীৰ সৈতে এটা ছেক্স স্কেণ্ডেলত জৰিত থকাৰ অভিযোগত নিত্যানন্দক ২০১০ চনত গ্ৰেপ্তাৰ কৰা হৈছিল। জে’লো দিয়া হৈছিল।
কৰ্নাটকত থকা তেওঁৰ আশ্ৰমত “নিৰ্য্যাতিত” হোৱা বুলি আন বহু মহিলায়ো পিছত অভিযোগ কৰিছিল।
শিশুক বন্দী কৰি ৰখাৰ অভিযোগত যোৱা মাহতো পলাতক স্বামী নিত্যানন্দৰ বিৰুদ্ধে গুজৰাটত এটা গোচৰ ৰুজু হৈছে।
ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰিমতে, নিত্যানন্দৰ “অৱস্থান” সম্পৰ্কে চৰকাৰৰ হাতত বৰ্তমান শুংসূত্ৰ নাই।
বহু হাজাৰ অনুগামী থকা স্বামী নিত্যানন্দ গুজৰাট, কৰ্নাটক আৰু অন্ধ্ৰ প্ৰদেশত বেছিকৈ জনপ্ৰিয়।