NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন পত্নীৰ অত্যাচাৰত অতিষ্ঠ! থানাত এজাহাৰ দাখিল মহাভাৰতৰ ‘কৃষ্ণ’ নীতিশ ভৰদ্বাজৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 16, 2024 12:17 pm

দুবছৰমান আগতে দুয়োৰে বিবাহ বিচ্ছেদ ঘটিছিল। কিন্তু বিচ্ছেদৰ আঘাতে কোনোমতে লগ এৰা দিয়া নাই মহাভাৰতৰ ‘কৃষ্ণ’ক! নীতিশ ভৰদ্বাজ তেওঁৰ প্ৰাক্তন পত্নীৰ বাবে ইমানেই অতিষ্ঠ হৈ পৰিছে যে তেওঁ থানালৈ দৌৰিবলগীয়া হৈছে।

অশান্তিৰ পৰা ৰক্ষা পাবলৈ নীতিশ আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছে। কেৱল সেয়াই নহয়, প্ৰাক্তন পত্নীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে নীতিশে।

নীতিশে ভূপাল আৰক্ষীক জনোৱা মতে, প্ৰাক্তন পত্নী স্মিতা গেটেই তেওঁক বিভিন্ন ধৰণে মানসিক অত্যাচাৰ চলাইছে। এইটোৱে শেষ নহয়! দুই সন্তানৰ লগত যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। তেওঁলোকক দেখা কৰিবলৈ দিয়া নাই।

লগতে পঢ়কঃ চিৰিয়াখানাত সিংহৰ সৈতে চেলফি তোলাৰ চেষ্টা; সিংহৰ আক্ৰমণত প্ৰাণ গ’ল যুৱকৰ

সেয়ে, নীতিশ ভৰদ্বাজে সহায় বিচাৰি ভূপাল আৰক্ষী আয়ুক্ত হৰিনাৰায়ণচাৰী মিশ্ৰলৈ পত্ৰ লিখিছে। সেই পত্ৰখনত অভিনেতাজনে অভিযোগ কৰিছে যে প্ৰাক্তন পত্নী স্মিতাই তেওঁক তেওঁৰ দুই কন্যাক লগ কৰিবলৈ দিয়া নাই। যাৰ বাবে তেওঁ মানসিকভাৱে ভাঙি পৰিছে।

ইতিমধ্যে ভূপাল আৰক্ষী আয়ুক্তই নীতিশৰ অভিযোগৰ ভিত্তিত সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ ডি এছ পি শালিনী দীক্ষিতক নিৰ্দেশ দিছে।

২০০৯ চনৰ ১৪ মাৰ্চত নীতিশ ভৰদ্বাজে স্মিতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। স্মিতা পেছাত মধ্যপ্ৰদেশ কেডাৰৰ আই এ এছ বিষয়া। বন্ধু এজনৰ জৰিয়তে পৰিচয় হৈছিল নীতিশৰ। তাৰ পৰাই প্ৰেম আৰু অৱশেষত বিবাহবন্ধনত আৱদ্ধ।

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ডৰ জৰিয়তে দলসমূহৰ পুঁজিলৈ আহিল ১৬ হাজাৰ কোটি; কিমান পালে বিজেপিয়ে?

কিন্তু সেই বিবাহ ১২ বছৰতকৈ বেছি দিন নিটিকিল। ২০১৯ চনত নীতিশ আৰু স্মিতাই বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। অৱশেষত ২০২২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেতিয়াৰ পৰাই প্ৰাক্তন পত্নী স্মিতাই নীতিশ ভৰদ্বাজক তেওঁৰ যমজ কন্যাক লগ কৰিবলৈ দিয়া নাই। মহাভাৰতৰ ‘কৃষ্ণ’ই এনে অভিযোগ লৈয়ে এইবাৰ আৰক্ষীৰ কাষ চাপিছে।