NORTHEAST NOW (Assamese)
অসম

বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত দোহাৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ প্ৰতিশ্ৰুতি

Posted by: এন ই নাও নিউজ April 8, 2019 1:37 pm
e8d17d42-648e-44b5-b6a3-6b98c42f6fbe

আজি বিজেপিয়ে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। বিজেপিৰ ইস্তাহাৰ ‘সংকল্প পত্ৰ’ ৰাজনাথ সিঙে প্ৰকাশ কৰে। ইস্তাহাৰত বিজেপিয়ে নাগৰিক সংশোধনী বিধেয়ক প্ৰসংগ উত্থাপন কৰি ক্ষমতাত আহিলে বিধেয়কখন গৃহীত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইস্তাহাৰ প্ৰকাশ কৰি ৰাজনাথ সিঙে ঘোষণা কৰে, ‘’নাগৰিক সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বিজেপি বদ্ধ পৰিকৰ। বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে বিধেয়কখন গৃহীত কৰা হ’বই।‘’

আজি নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰকাশ কৰা হয় এই নিৰ্বাচনী ইস্তাহাৰ। নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ লগতে দলটোৰ কেইবাজনো শীৰ্ষ নেতা উপস্থিত থাকে।

৬ কোটি লোকৰ মতামত লৈ প্ৰস্তুত কৰা ইস্তাহাৰত বিজেপিয়ে নতুন ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।

এইবাৰ ক্ষমতালৈ আহিলে বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়টো সমাধান কৰিব বুলিও প্ৰতিশ্ৰুতি দিছে। তদুপৰি, ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত অধিক গুৰুত্ব দিয়াৰ কথাও ঘোষণা কৰা হৈছে ইস্তাহাৰত।

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে দেশত ৰাষ্ট্ৰীয় বাণিজ্য আয়োগ গঠনৰ কথাও ঘোষণা কৰা হৈছে এই সংকল্প পত্ৰত।

গেৰুৱা দলটোৱে ২০২২ চনত সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দাঙি ধৰি ভাৰতক অৰ্থনৈতিক দিশত বিশ্বৰ আগশাৰীত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা হ’ব বুলি ঘোষণা কৰিছে।

আনহাতে, মহিলা সবলীকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৬০ বছৰৰ সকলো কৃষকলৈ পেঞ্চনৰ ব্যৱস্থা কৰা হ’ব বুলিও ঘোষণা কৰিছে।