NORTHEAST NOW (Assamese)
অসম

অখিল গগৈৰ মুক্তিৰ দাবীত বোকাখাতত কৃষক মুক্তি, লাচিত সেনাৰ প্ৰতিবাদ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 23, 2020 7:25 pm
KMSS, Lachit Sena protest in Bokakhat, demand Akhil Gogoi's release

অখিল গগৈৰ বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত বুধবাৰে বোকাখাতত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু লাচিত সেনাই যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰে৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বোকাখাত মহকুমা সমিতি আৰু লাচিত সেনাৰ বোকাখাত শাখাৰ সদস্যসকলে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত বোকাখাত আৰক্ষী চকীৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে৷

প্ৰতিবাদত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰতন দাৱে কয় যে ২০১৬ চনৰ পৰা আজিলৈকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মাত্ৰ দুটাহে কাম কৰিছে৷ এটা হ’ল অসমৰ সম্পদ লুণ্ঠন আৰু বিপণন আৰু আনটো হ’ল চলে বলে কৌশলে অখিল গগৈক কাৰাৰুদ্ধ কৰা৷

তেওঁ কয় সেয়েহে আমি আহ্বান জনাইছো অতি সোনকালে আৰু বিনা চৰ্তে অখিল গগৈক মুক্তি দিয়ক৷ ন্যায়ালয়ৰ ওপৰত আমাৰ এতিয়াও পূৰ্ণ আস্থা আছে আৰু ন্যায়ালয়েও অখিল গগৈৰ মুক্তিৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আমি আশাবাদী৷

প্ৰায় এঘন্টা জোৰা প্ৰতিবাদৰ শেষত কাৰ্যসূচীৰ সামৰণি পৰে৷