NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰী সোণোৱালৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধী কাৰ্য্যকলাপ প্ৰসংগত দৃষ্টি আকৰ্ষণ কৰি পত্ৰ ৰিপুন বৰাৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 23, 2020 9:52 pm
d769d7bc-ab6e-4282-8365-025264818fcb

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জিলা ভ্ৰমণৰ চৰকাৰী কাৰ্য্যসূচীত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বিৰোধী দলৰ বিধায়কক স্বীকৃতি নিদিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই মুখ্য মন্ত্ৰীলৈ দৃষ্টি আকৰ্ষণৰ বাবে এখন পত্ৰ লিখে।

তলৰ বিষয়কেইটা সন্দৰ্ভত ৰিপুন বৰাই সৰ্বানন্দ সোণোৱালৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে বুলি উল্লেখ কৰে-

১) যোৱা ২০ জুলাই, ২০২০ তাৰিখে মুখ্য মন্ত্ৰীয়ে বৰপেটা জিলা ভ্ৰমণ কালত সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত সৰ্থেবাৰী আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱনটো উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানলৈ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক আমন্ত্ৰণ জনোৱা নহ’ল। লগতে নতুন আৰক্ষী থানাৰ ভৱনটি উদ্বোধনী ফলকত স্থানীয় বিধয়াক জাকিৰ হুছেইন শিকদাৰৰ নাম সন্নিবিষ্ট কৰা নহ’ল। ইয়াৰ বিপৰীতে অন্য এক বিধানসভা সমষ্টি(সৰভোগ)ৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ নাম উক্ত উদ্বোধনী ফলকত সন্নিৱিষ্ট কৰা হ’ল।

২) ২৩ জুলাই, ২০২০ তাৰিখে মুখ্য মন্ত্ৰীয়ে দৰং জিলা ভ্ৰমণৰ কাৰ্য্যসূচীত বানপানী পৰিদৰ্শন, ভগ্ন মথাউৰী পৰিদৰ্শন, বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন আৰু দৰং জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, চৰকাৰী কাৰ্য্যসূচী সমূহৰ বাবে দৰং জিলাৰ উপায়ুক্তই যি জাননী জাৰি কৰিছে, সেই জাননীত দৰং জিলাৰ মঙলদৈ, ছিপাঝাৰ, কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়কক সন্নিৱিষ্ট কৰা হৈছে।

কিন্তু আচৰিত কথা যে দৰং জিলাৰ অন্তৰ্গত দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াক মুখ্য মন্ত্ৰীৰ এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ কৰা হোৱা নায়। দলগাঁও সমষ্টিৰ বিধায়গৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হোৱা বাবেই তেওঁক এনেদৰে চৰকাৰী কাৰ্য্যসূচীৰ পৰা আৰু তেওঁৰ সাংবিধানিক দায়িত্বৰ পৰা বঞ্চিত কৰা হৈছে নেকি বুলিও ৰিপুন বৰাই পত্ৰৰ মাধ্যমেৰে প্ৰশ্ন কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই পত্ৰখনত মুখ্য মন্ত্ৰীৰ গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী স্বৈৰাচাৰী কাৰ্য্যৰ গৰিহণা দিয়াৰ লগতে সোণোৱালক কেবল বিজেপিৰ মুখ্য মন্ত্ৰী নহয় অসমৰ মুখ্য মন্ত্ৰী বুলি কয়।