NORTHEAST NOW (Assamese)
অসম

আৰক্ষীয়ে আটক কৰা অপৰাধীৰ দেহত কোভিড-১৯পজিটিভ; চাৰিজন আৰক্ষীক কোৱাৰেন্টাইন

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা July 23, 2020 9:08 pm
COVID-19-2-660x375

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে ২২ জুলাইত জেল হাজোতলৈ প্ৰেৰণ কৰা এজন অপৰাধীৰ দেহত ক’ভিড -১৯পজিটিভ হোৱাত আৰক্ষীৰ লগতে চামগুৰি ৰাইজ শংকিত হৈ পৰিছে ৷

জানিব পৰা মতে, যোৱা ২১ জুলাইত বিয়লি এক গোপন সুত্ৰৰ পম খেদি চামগুৰি আৰক্ষী থানাৰ আৰক্ষী আৰু মোৱামাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে চামগুৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই দুখন গৰু ভৰ্তি ট্ৰাকৰ সহ ৬ লোকক আটক কৰিছিল।

ইয়াৰ পাছত বুধবাৰে তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

পৰৱৰ্তী সময়ত প্ৰশাসনে আটাইকেইজনক কৰ’না পৰীক্ষা কৰাত চামগুৰি সমষ্টিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱাআটিৰ আব্দুল আৱাল (২২) নামৰ অপৰাধী জনৰ দেহত ক’ভিড -১৯ পজিটিভ বুলি চিনাক্ত হয়।

এই কথা পোহৰলৈ অহাৰ পাছতে চামগুৰিৰ ৰাইজ শংকিত হৈ পৰিছে ৷

আনহাতে, কোভিড-১৯ পজিটিভ হোৱা আব্দুলক প্ৰশাসনে চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে চামগুৰি আৰক্ষী থানাৰ দুজন আৰু মোৱামাৰী আৰক্ষী চকীৰ চাৰিজন আৰক্ষী বৰ্তমান হোম কোৱাৰেন্টাইনেত আছে বুলি আৰক্ষীৰ এক সুত্ৰৰ পৰা জানিব পৰা গৈছে ৷