NORTHEAST NOW (Assamese)
অসম

চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী; শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ June 16, 2022 5:40 pm
চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী; শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

শিৱসাগৰ জিলাৰ চাৰিলেন যুক্ত পথ নিৰ্মাণত হোৱা ব্যাপক কেলেংকাৰীৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যৌথ সংগ্ৰামী মঞ্চই।

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি সাব্যস্ত কৰে ২৬ টা সংগঠনৰ সংগঠিত মঞ্চ যৌথ সংগ্ৰামী মঞ্চই।

চাৰিলেন যুক্ত পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত আৰু বিধ্বস্ত হৈ থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত এপষেক পূৰ্বে স্মাৰক পত্ৰ প্ৰদান কৰিছিল মঞ্চই। কিন্তু ইয়াৰ পিছতো কোনো পদক্ষেপ নোলোৱাত আজি পুনৰ সৰৱ হৈ পৰে যৌথ সংগ্ৰামী মঞ্চ।

লগতে পঢ়ক: Flood in Assam: বৰলীয়া নৈৰ সংহাৰী ৰূপ; শতাধিক গাঁও পানীৰ তলত

অহা সাত দিনৰ ভিতৰত চাৰিলেনযুক্ত পথ নিৰ্মাণত হোৱা কেলেংকাৰীৰ বিৰুদ্ধে উচিত তদন্ত নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলিও স্পষ্ট কৰি দিছে মঞ্চই।