NORTHEAST NOW (Assamese)
অসম

২০০ শতাংশ গেৰাণ্টি! এদিনৰ পৰা ৪ দিনৰ ভিতৰত ৰিতুল শইকীয়া ঘূৰি আহিব ঘৰলৈ: পৰেশ বৰুৱা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 20, 2021 7:04 pm
himanta-4-696x392-1-696x375

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক আহ্বানৰ পাছতে অন্তৰ কুমলিল আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীৰ।

হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে ম্যানমাৰৰ আলফাৰ সেনা চাউনীত ৰিতুল শইকীয়া সুস্থ হৈ আছে। পৰেশ বৰুৱাক অনুৰোধ ৰিতুল শইকীয়াক মুকলি কৰি দিয়ক। প্ৰয়োজনত আমি লৈ আহিম বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ONGC য়ে থলুৱাক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লব আৰু ONGC কৰ্তৃপক্ষই মুখমন্ত্ৰীৰ কথা শুনি লোৱা বুলি কয়।

“মুৰ্গীটো জীয়াই ৰাখিব লাগিব, মাৰি পেলালে ক’ৰ পৰা কণী পাৰিব!”-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

পৰেশ বৰুৱাই তিনিমাহ যুদ্ধ বিৰতিৰ কথা কৈছে যদিও তাতকৈ আৰু এখোজ আগুৱাই ৰিতুল শইকীয়াক পুনৰ মুকলি কৰি দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, “ইয়াত কোনো ৰাষ্ট্ৰৰ দাম্ভিকতা নাই বা মুখ্যমন্ত্ৰী ৰ দাম্ভিকতা নাই। ৰিতুলৰ সন্তানৰ চকুত দেখি অহা পিতৃৰ অভাৱ,পৰিয়ালৰ অন্তৰ ৰিক্ত হৈ আছে, সেয়েহে ৰিতুলক এৰি দিয়ক আৰু মোৰ অনুৰোধ পৰেশ বৰুৱাই শুনিব।”

অসমৰ উন্নয়নৰ বাবে ONGC য়ে কাম কৰিব সেয়া মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব ল’ব বুলি দাবী কৰে।

তাৰ পাছতে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য সম্পাদকলৈ ফোন কৰি পৰেশ বৰুৱাই কয়, “২০০ শতাংশ গেৰাণ্টি! এদিনৰ পৰা ৪ দিনৰ ভিতৰত ৰিতুল শইকীয়া ঘূৰি আহিব ঘৰলৈ।”

ইপিনে মুখ্যমন্ত্ৰীয়ে ONGC ক লৈ লোৱা দায়িত্বৰ বাবে তেওঁক ধন্যবাদ জনোৱাৰ লগতে কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।