NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰীৰ নদীবান্ধ বিৰোধী আন্দোলনকলৈ বিতৰ্কিত মন্তব্য; যোৰহাটত অজাযুছাপৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ, যোৰহাট Updated by: এন ই নাও নিউজ, যোৰহাট June 16, 2022 6:03 pm

কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ নদীবান্ধ বিৰোধী আন্দোলন সম্পৰ্কীয় মন্তব্যৰ পিছত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে সমগ্ৰ ৰাজ্যত।

আজি যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী জনৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে।

লগতে পঢ়ক: চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী; শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

পূৰ্বতে বিজেপি দলে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আন্দোলন কৰোতে বিজপি দলেও বিদেশী আৰ্থিক সাহায্য লাভ কৰিছিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

ফটো: নৰ্থইষ্ট নাও।

উল্লেখযোগ্য যে গেৰুকামুখৰ নদীবান্ধ পৰিদৰ্শন কৰিবলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে বুধবাৰে নদীবান্ধ বিৰোধী আন্দোলন বিদেশী এন জি অ’ৰ ফাণ্ডৰ সহায়ত হোৱা বুলি বিতৰ্কিত মন্তব্য কৰিছিল l