NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছত এতিয়া হিন্দুৰ বাবে সংৰক্ষণ কৰিব লাগিব : হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ February 3, 2019 7:53 am
02-02-19 Tezpur- State BJP convention (7)

কংগ্ৰেছত থাকিবলৈ ২০২৬ৰ পাছত হিন্দুৱে সংৰক্ষণ বিচাৰিব লাগিব। এনআৰচি প্ৰকাশৰ পাছত কোনো শক্তি নাই যি কংগ্ৰেছক নতুনকৈ শাসনত অহাত বাধা দিব পাৰিব।‘’-তেজপুৰৰ হজৰাপুখুৰী ষ্টেডিয়ামত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক অধিৱেশনত ভাষণ দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে।

ধুবুৰী, দক্ষিণ শালমাৰা আৰু গোৱালপাৰাত বিধায়ক কোন বুলি প্ৰশ্ন কৰি মন্ত্ৰী শৰ্মাই কয়, ‘’ গোৱালপাৰা পূব, বিলাসীপাৰা, জাগীৰোড, গোলকগঞ্জ, গৌৰীপুৰকে ধৰি এটা এটা এটাকৈ সমষ্টি তেওঁলোকৰ হাতলৈ গৈ আছে।‘’

সাম্প্ৰদায়িক মেৰুবিভাজনৰ স্পষ্ট ইংগিত দাঙি ধৰি মন্ত্ৰী হিমন্ত বিশ্বই লগতে কয়, বৰ্তমান ফোচবুক, টুইটাৰত মোক গালি পৰা আশী শতাংশ লোকেই এটা বিশেষ সম্প্ৰদায়ৰ। তেওঁলোকো বঙালীসকলৰ দৰে পূৰ্ববংগৰ পৰাই অহা। কিন্তু অসম বা ভাৰতত কাক থাকিবলৈ দিয়া হ’ব সেই সিদ্ধান্ত অসমীয়াই ল’ব। তাত বিশেষ সম্প্ৰদায়ৰ নতুন ভোটাৰসকল সোমাবলৈ কোন।‘’

আনহাতে, বিধেয়ক বিৰোধী আন্দোলনত আমছু কিয় আছে বুলি প্ৰশ্ন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে যিসকলে ৮৫৫জন শ্বহীদক হত্যা কৰিছিল তেওঁলোকেই এতিয়া জাতিৰ ত্ৰাণকৰ্তা হৈ পৰিছে। তদুপৰি, তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত হোৱা উলংগ প্ৰতিবাদত মেহমুদ আলী আৰু মতিন সৰকাৰৰ কাম কি বুলিও প্ৰশ্ন কৰে।

ইপিনে, কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তৰুণ গগৈ পুনৰ মুখ্য মন্ত্ৰী হ’লেও আপত্তি কৰিবলগীয়া নাই কিন্তু বৰ্তমান যুৱ কংগ্ৰেছৰ ৪৫ জনীয়া সমিতিখনৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি ২৩ জনেই এটা বিশেষ সম্প্ৰদায়ৰ। সেইদৰে এনএছয়ুআইৰ উপ সভাপতি, সম্পাদককে ধৰি ৯ জনেই এটা বিশেষ সম্প্ৰদায়ৰ বুলিও তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙক সমালোচনা কৰি কয় যে মোডী প্ৰধান মন্ত্ৰী থকা অৱস্থাত হ’লে ভূপেন হাজৰিকাই জীৱিত কালতে ভাৰত ৰত্ন পালেহেঁতেন।

উল্লেখযোগ্য যে তেজপুৰত বিজেপিৰ ৰাজ্যিক অধিৱেশনখন চলি থকাৰ সময়ত শনিবাৰে তেজপুৰ আৰু ইয়াৰ চৌপাশৰ অঞ্চলবোৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাৱ্যস্ত কৰা হয়। অধিৱেশন চলি থকাৰ মাজতে শোণিতপুৰ জিলা আছুৰ উপৰি সংগঠনটোৰ আঞ্চলিক সমিতিসমূহে হাতে হাতে ক’লা পতাকা তথা পোষ্টাৰ-বেনাৰ আদি লৈ অধিৱেশনস্থলীলৈ যায় যদিও আৰক্ষীয়ে বাধা দিয়ে।