NORTHEAST NOW (Assamese)
অসম

একাদশ বৰ্ষপূৰ্তিত ২৬/১১ মুম্বাই আক্ৰমণৰ চহিদক স্মৰণ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 3:15 pm
mumbai attack

সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে মঙলবাৰে ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ এঘাৰ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জনপ্ৰিয় হিন্দী কবি ৰামধাৰী সিং দিংকৰৰ এটা জনপ্ৰিয় কবিতাৰ পংক্তিৰে সুস্মিতা দেৱে ২৬/১১ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।

‘‘২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী চহিদৰ আত্মবলিদান কেতিয়াও অথলে নাযায়,’’ সুস্মিতাই কয়।

সুস্মিতা দেৱৰ লগতে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জঘন্য মুম্বাই আক্ৰমণক সোঁৱৰণ কৰে।

শৰ্মাই মুম্বাই আক্ৰমণৰ কথা উল্লেখ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধ সদায় মানৱ জাতিয়ে একতাৰে প্ৰতিৰোধ আগবঢ়াই যাব লাগিব বুলি মন্তব্য কৰে।

‘‘ভাৰতে সদায় সন্ত্ৰাসবাদ দমনৰ হকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে,’’ হিমন্তই কয়।

উল্লেখযোগ্য যে, সাগৰীয় পথেৰে পাকিস্তানৰ পৰা অহা ইছলামিক সন্ত্ৰাসবাদীয়ে মুম্বাইত প্ৰৱেশ কৰি ২০০৮ চনৰ ২৬ নৱেম্বৰত ছত্ৰপতি শিৱাজি ষ্টেশ্যন, তাজ হোটেলকে আদি কৰি বিভিন্ন ব্যস্ত অঞ্চলত ভয়ানক আক্ৰমণ সংঘটিত কৰিছিল।

উক্ত জঘন্য আক্ৰমণত ১৭৪ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০০ কৈ অধিক লোক আহত হৈছিল।