NORTHEAST NOW (Assamese)
Popular Stories

বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে উত্তৰ–পূবৰ পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 12:57 pm
বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে উত্তৰ–পূবৰ পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদৰ শীতকালীন অধিবেশনত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ আহিব বুলি ঘোষণা কৰাৰ পাছত উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি।

গতিকে নাগিৰকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতে উত্তৰ-পূবত হ’ব পৰা আইন শৃংখলা জনিত পৰিস্থিতিৰ বুজ লয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে।

সোমবাৰে অৰ্থাৎ ২৫ নৱেম্বৰত নতুন দিল্লীত চোৰাংচোৱা সংস্থাসমূহৰ মুৰব্বী, আছাম ৰাইফলছ আৰু অন্য অৰ্ধ–সামৰিক বাহিনীৰ মুৰব্বীৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা গৰাকীয়ে এক বৈঠকত মিলিত হয়।

বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰা উত্তৰ-পূবৰ বিভিন্ন দল-সংগঠন সমূহৰ সম্বন্ধে আৰু নাগৰিকত্ব বিধেয়কখনক লৈ সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়াৰ বিষয়েও পুংখানুপুংখভাৱে বুজ লয়।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ বিভিন্ন দল-সংগঠনে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ জনাই আহিছে। আৰু লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠন সমূহে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে সমগ্ৰ ৰাজ্যতে ভয়ানক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দি আহিছে।