NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্বাচক কমিটি সলনিৰ বাবে গাংগুলীক অনুৰোধ হৰভজন সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 12:29 pm
harbhajan-singh-csk

প্ৰাক্তন উইকেটকীপাৰ বেটছমেন ফাৰুক ইঞ্জিনিয়াৰ, প্ৰাক্তন বিস্ফোৰক বেটছমেন যুৱৰাজ সিঙৰ পিছত এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক কমিটিক মুকলিকৈ সমালোচনা কৰিছে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অফ স্পিনাৰ হৰভজন সিঙে।

সিঙে এম এছ কে প্ৰসাদ নেতৃত্বাধীন নিৰ্বাচক কমিটিৰ পৰিৱৰ্তনৰ দাবী উত্থাপন কৰি বিষয়টোত বি চি চি আইৰ নৱনিযুক্ত অধ্যক্ষ সৌৰভ গাগংগুলীৰ হস্তক্ষেপ দাবী কৰে।

অফ স্পিনাৰগৰাকীয়ে এটা টুইটৰ জৰিয়তে ব’ৰ্ডৰ সভাপতি গাংগুলীক কয় যে ভাৰতীয় ক্ৰিকেটৰ কল্যাণৰ বাবে নিৰ্বাচক কমিটিত শক্তিশালী ব্যক্তিৰ প্ৰয়োজন হৈছে।

অহা মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হ’ব লগীয়া টি-২০ শৃংখলাত কেৰালাৰ প্ৰতিভাৱান উইকেটৰক্ষক বেটছমেন সঞ্জু ছেমছনক দলৰ পৰা বাহিৰ কৰাৰ পিছতেই কংগ্ৰেছৰ সাংসদ শশি ঠাৰুৰৰ লগতে হৰভজন সিঙে নিৰ্বাচক কমিটিৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল।

উল্লেখ্য যে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে হৈ যোৱা টি-২০ শৃংখলাত ছেমছনক ১৫জনীয়া দলত স্থান দিছিল যদিও কোনো এখন মেচতে প্লেয়িং ইলেভেনত সুযোগ নাপালে।

ঘৰুৱা প্ৰতিযোগিতা আৰু আই পি এলত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰি অহাৰ পিছতো ক্ৰিকেটাৰগৰাকীক সুযোগ প্ৰদান নকৰাকৈয়ে দলৰ পৰা বাহিৰ কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই ভাজ্জীয়ে।

বিগত কিছু সময়ৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক কমিটিৰ ওপৰত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈ অহাৰ সমান্তৰালকৈ কমিটিখন পৰিৱৰ্তন কৰাৰো দাবী উঠি আহিছে।