NORTHEAST NOW (Assamese)
অসম

হায় মানৱতা! গণ ধৰ্ষিতাক গাওঁ এৰাৰ নিৰ্দেশ পঞ্চায়তৰ; আৰক্ষীৰ দ্বাৰস্থ হ’ল যুৱতী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2020 4:36 pm
representative-image-750x375

মানৱতাক ভুলণ্ঠিত কৰা এক ঘটনা। এগৰাকী গণ ধৰ্ষিতা যুৱতীক গাওঁ এৰি যোৱাৰ দৰে নিৰ্মম নিৰ্দেশ দিছে এখন পঞ্চায়তে।

মহাৰাষ্ট্ৰত সংঘটিত হোৱা এই ঘটনাত উপায়হীন যুৱতীগৰাকীয়ে অৱশেষত আৰক্ষীৰ দ্বাৰস্থ হয়।

পাঁচ বছৰ পূৰ্বে গাওঁখনৰ খেতিপথাৰত তুলা বুটলিবলৈ গৈ গণ ধৰ্ষণৰ বলি হৈছিল বীৰ জিলাৰ এখন গাওঁৰ পঁচিশ বছৰীয়া যুৱতীগৰাকী।

প্ৰায় এবছৰৰ মূৰত অপৰাধীকেইজনক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে। কিন্তু পঞ্চায়তে যুৱতীগৰাকীকহে শাস্তিৰ ৰায় দিলে।

কেবল সেই গাওঁখনেই নহয়, কাষৰ আৰু দুখন গাওঁৰ পঞ্চায়তেও জনাই দিছে যে সেই যুৱতীগৰাকীৰ তেওঁলোকৰ গাওঁৱত কোনো স্থান নহ’ব।

যোৱা আগষ্টতে ঘৰৰ দুৱাৰত আঁৰি দিয়া হৈছে গাওঁ এৰাৰ নিৰ্দেশনাৰ জাননী। গাওঁ এৰি যোৱাৰ বাবে নিৰন্তৰ চাপ দিয়া হৈছে।

নিৰ্যাতিতা যুৱতীগৰাকীয়ে অৱশেষত উপায়হীন হৈ এইবাৰ আৰক্ষীৰ কাষ চাপিছে।

গাওঁখন এৰি যোৱাৰ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ যুৱতীগৰাকীক অশ্লীল মাতকথাৰে অপমানিতও কৰি আহিছে গাওঁখনৰ মুৰব্বীসকলে।

যুৱতীগৰাকীৰ প্ৰশ্ন, ‘চৰকাৰৰ পৰা মই ন্যায় বিচাৰিছো। চৰকাৰেই কওক এইবাৰ মই ক’লৈ যাম।‘

ইপিনে, এই প্ৰসংগত গাওঁৰ প্ৰধান গৰাকীৰ মন্তব্য হৈছে যে এয়া সকলো গাওঁবাসীৰে দাবী। যোৱা আগষ্টতে তেওঁলোকে এই নিৰ্দেশনা দিছিল।

জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে গাওঁখনৰ বহুকেইজনৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে অশ্লীল ব্যৱহাৰৰ অভিযোগ আনিছে।

আৰক্ষীয়ে গোটেই বিষয়টো পৰীক্ষা কৰি চাব বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।