NORTHEAST NOW (Assamese)
অসম

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী থকা দুখন টেষ্টৰ পৰা বাহিৰ বেগী বলাৰ উমেশ যাদৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2020 5:03 pm

ভৰিৰ কলাফুলৰ আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী থকা দুখন টেষ্টৰ পৰা বাহিৰ হ’বলগীয়া হৈছে ভাৰতীয় দলৰ বেগী বলাৰ উমেশ যাদৱ।

মেলবৰ্ণত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ দ্বিতীয় ইনিংছৰ সময়ত আঘাত পাইছিল উমেশে। আঘাত গুৰুতৰ হোৱা বাবে এতিয়া উমেশে শৃংখলাৰ বাকী দুখন মেচত অংশ ল’ব নোৱাৰাটো নিশ্চিত হয়।

অহা ৭ জানুৱাৰিৰ পৰা ছিডনীত হ’বলগীয়া শৃংখলাৰ তৃতীয়খন মেচৰ বাবে ইতিমধ্যে যাদৱৰ স্থানত টি নটৰাজনক অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাটো ভাৰতৰ বাবে যথেষ্ট প্রত্যাহ্বান হিচাপে থিয় দিছে। যাদৱৰ পূৰ্বে মহম্মদ ছামিয়েও প্ৰথম টেষ্টত পোৱা আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হৈছে।

ছামিৰ স্থামত দ্বিতীয় টেষ্টত দলত স্থান দিয়া হৈছিল মহম্মদ ছিৰাজক। এতিয়া দুয়োগৰাকী অনুভৱী বেগী বলাৰৰ অনুপস্থিতি তৃতীয় টেষ্টৰ সময়ত ভাৰতীয় দলে বাৰুকৈয়ে অনুভৱ কৰিব যে সেয়া খাটাং।

এতিয়া দলত অনুভৱী বেগী বলাৰ হিচাপে কেৱল মাত্ৰ যশপ্ৰীত বুমৰাহহে আছে। দলৰ সৈতে থকা আন দুগৰাকী বেগী বলাৰ হৈছে নৱদীপ চেইনী আৰু চাৰ্দুল ঠাকুৰ।

নেট বলাৰ হিচাপে থকা টি নটৰাজনক আঘাতপ্ৰাপ্ত উমেশ যাদৱৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে।