NORTHEAST NOW (Assamese)
অসম

মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী November 26, 2019 10:28 am
মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ

সোমবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিজনীৰ ভেটাগাঁৱত এশখন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মহিলাৰীয়ে ভাষণত কয়, ‘বিজনীবাসীৰ বাবে আজিৰ দিনটো ভাল কিয়নো ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰটোক অতিশীঘ্ৰে বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰা হ’ব। কিছুদিনৰ পিছৰ পৰা এই অঞ্চলৰ জনসাধাৰণে উন্নত চিকিৎসা লাভ কৰিব’।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বি টি চিৰ উন্নয়নৰ বাবে সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি মহিলাৰীয়ে মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।

ইয়াৰ উপৰি তেওঁ স্বাস্থ্য সম্বন্ধীয় বিষয় সমূহ অধ্যয়নৰ বাবে বিজনী অঞ্চলত এখন পেৰা মেডিকেল কলেজ স্থাপনৰ ইচ্ছা প্ৰকাশ কৰে।

আধাৰশিলা স্থাপন কাৰ্যসূচীত হাগ্ৰামা মহিলাৰীৰ উপৰি বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী, এম চি এল এ আতিম হাজং, বি টি চি যুটীয়া সচিব দীনেশ বড়োৰ উপৰি দিঠকানন্দ হাজৰিকা, দীপেম ৰামচিয়াৰীৰ দৰে গণ্য মান্য ব্যক্তি উপস্থিত আছিল।