NORTHEAST NOW (Assamese)
অসম

কৃষক নেতা অখিল গগৈৰ অৰ্কিডত চলোৱা তালাচীক লৈ ধৈয্য কোঁৱৰৰ প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া March 1, 2018 7:58 pm
অৰ্কিড

বৃহস্পতিবাৰে বোকাখাত আৰক্ষী আৰু বন বিভাগে কৃষক নেতা অখিল গগৈৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা অৰ্কিডত চলোৱা অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰে অৰ্কিডখন সম্পূৰ্ণ ৰূপে বৈধ বুলি দাবী কৰে।

কোঁৱৰে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৰ্থ ইষ্ট নাওক কয় যে, ‘আৰক্ষীয়ে তালাচী চলাইছে যদিও সন্দেহজনক একো তথ্য পোৱা নাই। তেওঁলোকে জব্দ কৰা অৰ্কিড তিনিডাল সম্পূৰ্ণ ৰূপে বৈধ। এই অৰ্কিড বনৰীয়া নহয়, ইয়াক ক্ৰয় কৰাৰ সম্পূৰ্ণ নথিপত্ৰ আছে। আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছো, অৰ্কিড পাৰ্ক জাতীয় উদ্যানলৈ পৰিৱৰ্তিত হোৱাৰ বাবে বিজেপি চৰকাৰে ইয়াক শেষ কৰাত উঠিপৰি লাগিছে।’

তাৰোপৰি কোঁৱৰে আৰ টি আই বিষয়া  দুলাল বৰাই অৰ্কিড পাৰ্কৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত কয় যে, ‘এইটো এটা সম্পূৰ্ণ ভিত্তিহীন কথা। দুলাল বৰাৰ দৰে এজন পেচাদাৰী দালালৰ জৰিয়তে বিজেপি চৰকাৰে ভিত্তিহীনভাবে এই গোচৰ ৰুজো কৰাই আছে। গতিকে  ভবিষ্যতে এইবোৰ মিছা অভিযোগ বুলি নিশ্চয়কৈ প্ৰমাণিত হ’ব।’

তেওঁ লগতে উল্লেখ কৰে যে, ‘বিজেপি চৰকাৰে ৰামদেৱক হাজাৰ হাজাৰ বিঘা মাটি উদ্যোগ নিৰ্মাণৰ বাবে প্ৰদান কৰিছে। তাৰ বিপৰীতে অৰ্কিড উদ্যানখন সমবায়ভিত্তিক উদ্যান হয়। গাঁৱৰ মানুহে দিয়া মাটিৰ দানেৰে এই উদ্যানখন মুকলি কৰা হৈছিল।’

সাধাৰণ সম্পাদকগৰাকীয়ে বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি কয় যে, ‘ইমান সহজতে আমি অৰ্কিড বন্ধ হ’বলৈ নিদিওঁ। চৰকাৰক আমি অৰ্কিড উদ্যানৰ পৰা কৰ পৰিশোধ কৰি আছো।’