NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষী সেৱা মনোবৃত্তিৰ হ’ব লাগিব, বছগিৰী মনোবৃত্তিৰ হ’লে নহ’ব: ডিজিপি

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 24, 2020 5:29 pm
Assam police to construct modern residential complex for its personnel in Bokakhat

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই মহানগৰীৰ ভৰলুত বৃহস্পতিবাৰে শাৰীৰিকভাৱে অক্ষম ১৭ বছৰীয়া এজন কিশোৰক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে।

“অসম আৰক্ষী সেৱা মনোবৃত্তিৰ হব লাগিব, বছগিৰী মনোবৃত্তিৰ হ’লে নহ’ব,” অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হোৱা এক সংবাদমেলত এই মন্তব্য কৰে সঞ্চালকপ্ৰধানগৰাকীয়ে৷

সমগ্ৰ ঘটনাত আৰক্ষীৰ ভুল থকাৰ কথা স্বীকাৰ কৰি সঞ্চালকপ্ৰধানগৰাকীয়ে অসম আৰক্ষীক ভুল নুবুজিবলৈ ৰাইজক আহ্বান জনায়।

মহন্তই কয়, “এয়া বিচ্যুতি৷ এয়া অসম পুলিচৰ চৰিত্ৰ নহয়৷ জ্যেষ্ঠ বিষয়াসকল গৈছে আৰু আমাৰ ফালৰ পৰা ভুলতো হৈছে সেয়া স্বীকাৰ কৰিছে৷ মহানগৰৰ আৰক্ষী আযুক্তই এই বিষয়ৰ অনুসন্ধানৰ দায়িত্ব দিছে আৰু অনুসন্ধান চলিব।”

আনহাতে অসম আৰক্ষীয়ে শিশু মিত্ৰৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা সন্দৰ্ভতো তেওঁ উল্লেখ কৰে।

“শিশুৰ পৰা হোৱা অপৰাধ বাঢ়িব ধৰিছে৷ অসম আৰক্ষীয়ে শিশু মিত্ৰৰ গৱেষণা কেন্দ্ৰৰ ব্যৱস্থা কৰিছে। শিশুৰ সম্পৰ্কীয় অপৰাধসমূহৰ যাতে উচিত তদন্ত হয়, তাৰ বাবে এই কেন্দ্ৰ স্থাপন কৰা হৈছে। শিশু সকলৰ নিৰাপত্তাৰ কাৰণে,উন্নতিৰ কাৰণে ন্যায়ৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী৷ শিশু মিত্ৰৰ গৱেষণা কেন্দ্ৰই এই ক্ষেত্ৰত উপযুক্ত ভূমিকা গ্ৰহণ কৰিব,” মহন্তই কয়৷

যদি ইয়াৰ পিছত কোনো আৰক্ষী বা বিষয়াই যদি এনেধৰণৰ কাণ্ড কৰে তেনেহলে আৰক্ষী বিষয়া বা জোৱানজনৰ বিৰুদ্ধে বাধ্যতামূলকভাৱে শিশু সুৰক্ষাৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি কয় মহন্তই৷