NORTHEAST NOW (Assamese)
অসম

বিনা চিকিৎসাই AMCHত পৰি আছে কন্যা, মুখ্য মন্ত্ৰীলৈ ফেচবুকত পত্ৰ পিতৃৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 24, 2020 8:32 pm
Daughter not getting treatment at AMCH: Father writes to Assam CM

বিনা চিকিৎসাই এটি পাঁচ বছৰীয়া কণমানি পৰি আছে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ বিচনাত।

ফেচবুকত মুখ্য মন্ত্ৰীলৈ লিখা এখন চিঠিত এই গুৰুতৰ অভিযোগ আনিছে শিশুটিৰ পিতৃ পবিত্ৰ মিলিয়ে।

“আমি অতি দুখেৰে জনাওঁ যে আমাৰ একমাত্ৰ ৫ বছৰীয়া কন্যা সন্তানটি মগজুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। ডাক্তৰৰ পৰামৰ্শমতে যোৱা বছৰ 13/11/2019 তাৰিখে দিল্লীলৈ ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে লৈ গৈছিলো। তাৰ পৰা 09/01/2020 তাৰিখে অসমলৈ ঘূৰি আহিছিলো। তাৰপিছত মাজে মাজে চেক-আপত গৈ দৰৱ লৈ থকা হৈছিল। কিন্তু লকডাউনৰ বাবে এপ্ৰিল মাহত দৰৱ পোৱাত পলম হ’ল। মে’ মাহৰ শেষলৈ সোঁ-হাত আৰু ভৰি লৰচৰ কৰিব নোৱাৰা হ’ল,” চিঠিখনৰ প্ৰথমভাগত উল্লেখ কৰে মিলিয়ে।

হস্পিতালৰ নিয়ম অনুসৰি যোৱা ১০ জুলাইত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশু শল্য বিভাগত ভৰ্তি কৰাবলৈ দিলে শিশুটিক।

ইপিনে, উক্ত পত্ৰৰ জৰিয়তে পিতৃ মিলিয়ে ৰুগীয়া কন্যা সন্তানটিৰ স্বাব টেষ্টৰ ৰিজাল্ট বাৰেপতি নিগেটিভ অহাৰ পাছতো তেওঁক চিকিৎসা নকৰাকৈ বিচনাত পেলাই থোৱা বুলি উল্লেখ কৰে।

“সেইদিনাই স্বাব টেষ্ট কৰালে। কিন্তু আজি 24/07/2020 তাৰিখলৈ ৰিপৰ্ট নহাৰ অজুহাতত আমাৰ ছোৱালীজনীৰ একো চিকিৎসা নকৰি ICUত নামমাত্ৰ অক্সিজেন আৰু চেলাইন দিয়েই দায়িত্ব সামৰিছে। Onlineত গৈ চোৱাত নিগেটিভ ৰিপৰ্ট আহিল। ডাক্তৰক গৈ কোৱাত আমাৰ ছোৱালীজনীৰ Padietric wardলৈ লৈ যোৱাৰ ব্যৱস্থাই নকৰিলে। ইফালে ছোৱালীজনীৰ বাবে অতিশীঘ্ৰে অপাৰেচনৰ প্ৰয়োজন হৈছে। কাৰণ তাইৰ টিউমাৰটো বাঢ়ি গৈ আছে।”

উক্ত পত্ৰৰ জৰিয়তে আন এক ভয়ংকৰ পৰিৱেশৰ কথা বৰ্ণনা কৰে মিলিয়ে।

তেওঁ কয় “ইফালে আমাৰ ওচৰতে থকা প্ৰায় ৩টা মান শিশুৰ বিনা চিকিৎসাই মৃত্যু হ’ল। দুই দিনলৈ মৃতদেহ কেইটা ওচৰৰপৰা লৈ যোৱা নাছিল। মোৰ পৰিবাৰে ভয়তে শুব পৰা নাছিল। পাছত আত্মীয় মানুহ আহি মৃতদেহকেইটা লৈ যোৱাৰ পাছত এটা পজিটিভ অহাৰ বাবে পুনৰ আমাৰ ছোৱালীৰ টেষ্ট কৰিলে। পুনৰ আমাৰ নিগেটিভ আহিল।”

“মই ডাক্তৰসকলক বাৰে বাৰ হাতযোৰ কৰি আমাৰ ছোৱালীজনীৰ যে অতি সোনকালে অস্ত্ৰোপচাৰৰ প্ৰয়োজন তাক ক’লো। কিন্তু তেওঁলোকে ওপৰৱালাৰ দোহাই দি আমাক যাবলৈ নিদিলে। তাপাছত 21/07/2020 তাৰিখেও স্বাব টেষ্ট কৰালে। তাৰ পিছত পুনৰ নিগেটিভ অহাত এতিয়া শেষত কৈছে যে আমাৰ মানে মাক-দেউতাকৰ স্বাৱ টেষ্ট কৰাব লাগিব আৰু ৰিপৰ্ট আহিলেহে ইয়াৰপৰা ছোৱালীজনীক উন্নত চিকিৎসাৰ বাবে অন্য বিভাগলৈ স্থানান্তৰ কৰিব।” চিঠিখনত কন্যাৰ দেউতাকে উল্লেখ কৰে।

তেওঁ আৰু কয় “আমাৰ ৰিপৰ্টৰ বাবে কিয় ছোৱালীজনীক কষ্ট দিছে আমি বুজি পোৱা নাই আৰু আগতে কিয় আমাৰ স্বোৱাব টেষ্ট নকৰালে মোৰ প্ৰশ্ন? আৰু ডাক্তৰ নাৰ্চৰ ব্যৱহাৰ বহুত বেয়া। সকলো কাম অক্সিজেনৰ বাবে মানুহ মতা, ৱাৰ্ড বয় বিচৰা, Suction machine নিজে লৈ ছোৱালীজনীৰ কফখিনি পৰিস্কাৰ কৰা আদি নিজে কৰিব লাগে।”

মুখ্য মন্ত্ৰীলৈ চিঠিৰ শেষত লিখি পিতৃয়ে কয় “আপুনি বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি ছোৱালীজনীক বচোৱাৰ ব্যৱস্থা কৰক।”

ইপিনে, ফেচবুক পোষ্টযোগে চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ মিছা বুলি দাবী কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ ইন্দ্ৰনাথ চুতীয়াই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকে যোগাযোগ কৰাত অধীক্ষকগৰাকীয়ে কয় “তেওঁৰ নিজৰ অভিভাৱক দেউতাকে এই চিঠিখন লিখা নাই। কোনোবা বেলেগ আত্মীয়ই এই চিঠিখন লিখিছে। সন্তানটিৰ ব্ৰেইনৰ নেগুৰত টেমুনা আছে। ই এক কেন্সাৰ হয়। এইটো operable নহয়। তেওঁলোকে দিল্লীতে হাত দাঙি অপাৰেচন নকৰি ইয়ালৈ ঘূৰি আহিলে। প্ৰথমে ছোৱালীজনীক ভেন্টিলেশ্যনত ৰখা হৈছিল যদিও বৰ্তমান ICUত অনবৰতে ডাক্তৰ নাৰ্চে চিকিৎসা প্ৰদান কৰি আহিছে। এই অভিযোগ মিছা।”

ইপিনে, ICUৰ অন্য এটা সন্তানৰ কোভিড-১৯ পজিটিভ অহাত ICUটো কণ্টেইন কৰি দিয়া হ’ল বুলি চিকিৎসকজনে আমাক জনায়।

“ভেন্টিলেশ্যনত থকা সন্তান এটা অপাৰেচন কৰিব পাৰি জানো?” প্ৰশ্ন ডাঃ চুতীয়াৰ।

তেওঁ আৰু কয় “ছোৱালীজনীৰ আজি নিগেটিভ আহিছে আৰু পিতৃ-মাতৃৰো নিগেটিভ আহিছে। কিন্তু অন্য চিকিৎসা কৰিবলৈ ৰোগীগৰাকী অপাৰেবল নহয়।”

বৰ্তমান কন্যা সন্তানটিক অন্য এটা ICUলৈ স্থানান্তৰ কৰা হৈছে বুলি আমাৰ সাংবাদিকক জনায় কন্যা সন্তানটিৰ পিতৃয়ে।

ইপিনে, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে পিতৃয়ে পোষ্টটো বেলেগে লিখা বুলি কোৱা কথাটো মানি নলয় তথা তেওঁ নিজে লিখা বুলি কয়।

পূৰ্বৰ ICUত চিকিৎসক, নাৰ্ছ নাছিলেই বুলি অভিযোগ তোলে পবিত্ৰ মিলিয়ে। বৰ্তমানৰ ICUৰ অৱস্থা উন্নত বুলি তেওঁ আমাৰ সাংবাদিকৰ আগত কয়।