NORTHEAST NOW (Assamese)
Popular Stories

ভাই-ভনীৰ সম্পৰ্কতো প্ৰভাৱ পেলাইছে লাডাখ সংকটে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 8:32 pm
modi12333

লাডাখ সংকটে কেৱল দেশৰ সামৰিক তথা ৰাজনৈতিক ক্ষেত্ৰ খনতে প্ৰভাৱ পেলোৱা নাই।

এই সংকটে এতিয়া ভাই-ভনীৰ সম্পৰ্ককো চুই গৈছে।

সৌ সিদিনালৈ ভাই-ভনীৰ অম্লান সম্পৰ্কক নতুন মাত্ৰা প্ৰদান কৰা ৰাখী বন্ধনত আধিপত্য বিস্তাৰ কৰিছিল চীনৰ ৰাখীয়ে। লাডাখ সংকটৰ পিছত সেই আধিপত্যৰ যেন অৱসান ঘটিবলৈ ওলাইছে।

পূৱ লাডাখৰ গালোৱান ভেলীত চীনা সেনাই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিছতে দেশ জুৰি  চীনৰ সামগ্ৰী বৰ্জনৰ জোৱাৰ উঠিছে।

ৰাজ্যই ৰাজ্যই জ্বলাই দিয়া হৈছে চীনা সামগ্ৰী। ইমানৰ পিছত ৰাখী বন্ধনৰ সময়ত চীনৰ ৰাখী ব্যৱহাৰ কৰাৰ প্ৰশ্নই নুঠে।

কিন্তু চীনৰ ৰাখী আমদানি নকৰিলে হঠাতে ইমান ৰাখী পোৱা যাব ক’ত?

এই সমস্যাৰো সমাধান সূত্ৰ উলিয়াইছে কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে।

প্ৰতিষ্ঠানটোৱে চীনৰ ৰাখীৰ ঠাইত লৈ আহিছে মোডী ৰাখী।

দেশৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠানটোৱে মহিলা আত্ম সহায়ক গোটক প্ৰস্তুত কৰিবলৈ দিছে লাখ লাখ মোডী ৰাখী।

মোডী ৰাখীৰ মাজত জিলিকি থাকিব মোডীৰ ছবি।

বহুতে ইয়াক বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল বুলিও কবলৈ আৰম্ভ কৰা দেখা গৈছে।

যি কি নহওঁক, মোডী ৰাখীয়ে দেশবাসীৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ মনোভাৱ জগাই তুলিব বুলি আশা কৰা হৈছে।