NORTHEAST NOW (Assamese)
অসম

মেক ইন ইণ্ডিয়াৰ সাফল্য; এপলে ভাৰতত আৰম্ভ কৰিলে আই ফোন-১১ৰ নিৰ্মাণৰ কাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 9:07 am

ভাৰতত আই ফোন ১১ ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে বিশ্বৰ জনপ্ৰিয় ব্ৰাণ্ড এপলে।

চেন্নাইত থকা ফক্সকনৰ প্লাণ্টত ইতিমধ্যে আই ফোনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈ গৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, ভাৰত নিৰ্মাণ কৰা আই ফোন ১১ উদ্যোগটোৰ পৰা দোকান সমূহলৈও পঠিওৱা হৈছে।

”মেক ইন ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি! এপলে ভাৰতত আই ফোন ১১ৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিলে। দেশত প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ স্মাৰ্ট ফোন প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে,” উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে টুইট কৰি এইদৰে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত চীনৰ স্থিতিক লৈ অসন্তুষ্ট হৈ পৰা বিশ্বৰ বহুকেইখন দেশে চীনত বিনিয়োগ কৰাৰ বাবে অনীহা প্ৰকাশ কৰিছে।

চীনৰ পৰা এনেবোৰ দেশৰ বহু উদ্যোগ ভাৰতলৈ অহাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে।

ভাৰত চৰকাৰৰ তৰফৰ পৰাও এনে উদ্যোগ সমূহক ভাৰতলৈ আকৰ্ষিত কৰাৰ বাবে বিভিন্ন ধৰণে চেষ্টা চলায় থকা হৈছে।