NORTHEAST NOW (Assamese)
Popular Stories

সপ্তম দৰমহা আয়োগে সলনি কৰিছে কিছু সংখ্যক কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 7:01 pm
7th-pay-commission-1583417163

সপ্তম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কিছু কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি সলনি কৰিছে।

আয়োগে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আশুলিপিকাৰৰ যিসকলে নৈশকালীন কৰ্বত্য সম্পাদন কৰে তেওঁলোকৰ বেতন বৃদ্ধি কৰিছে।

শুকুৰবাৰে আশুপিলিকাৰ বিষয়াই কৰা ঘোষণা অনুসৰি টাইপিং গতিৰ ভিত্তিত নিযুক্তি লাভ কৰা যিসকল আশুলিপিকাৰসকলে প্ৰতি মিনিটত ৮০ টা শব্দৰ পৰা ১০০ টা শব্দলৈ গতি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে তেওঁলোকক এটা আগতীয়া ইক্ৰিমেন্ট দিয়াৰ ব্যৱস্থা কৰা হৈছে।

আৰু যিসকল আশুলিপিকাৰে প্ৰতি মিনিটত ১২০ টা শব্দলৈকে গতি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে তেওঁলোকক একাধিক ইনক্ৰিমেন্ট দিয়া হ’ব।

ইফালে প্ৰতি মিনিটত ৮০ টা শব্দৰ টাইপিঙেৰে যোগ্যতা লাভ কৰা আশুলিপিকাৰৰ যিসকলে  চিধাই ১২০ টা শব্দলৈ টাইপিঙৰ গতি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ দুটা ইনক্ৰিমেন্ট বৃদ্ধি কৰিছে।

আনহাতে নৈশ ভাগত কতব্য সম্পাদন কৰা এইসকল কৰ্মচাৰীৰ ভাত্তাও বৃদ্ধি কৰিছে সপ্তম দৰমহা আয়োগে।

২০১৭ বৰ্ষৰ ১ জুলাইৰ পৰা কৰ্মৰত কৰ্মচাৰীসকলে এই ভাত্তা লাভ কৰিব বুলি কোৱা হৈছে ঘোষণাটোত।