NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ পানীখাইটিত পিষ্টলসহ আটক যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 1, 2023 3:19 pm

গুৱাহাটীৰ পানীখাইটি অঞ্চলৰ পৰা অবৈধভাৱে পিষ্টল ৰখাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তক অনিৰুদ্ধ চন্দ্ৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে পানীখাইটি অঞ্চলত তেওঁৰ স্কুটিখন পৰীক্ষা কৰাৰ সময়ত চিটৰ ভিতৰত পিষ্টলটো উদ্ধাৰ হোৱাত গ্ৰেপ্তাৰ কৰে। পৰীক্ষা কৰি চোৱা পিষ্টলটো এটা .২২ পিষ্টল বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুজিৰ খেলিমেলি: মুখ্য বন্যপ্ৰাণী সংৰক্ষক পদৰ পৰা অপসাৰণ এম কে যাদৱক

আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ সহযোগী বুলি কোৱা আন এজন ব্যক্তি পাপু বৰা বৰ্তমান পলাতক অৱস্থাত আছে।

আৰক্ষীৰ এক সূত্ৰই দাবী কৰিছে যে উক্ত পিষ্টলটো উদ্ধাৰৰ লগত কোনো ব্যাপক অপৰাধমূলক কাণ্ড থাকিব পাৰে।

উল্লেখ কৰিব পাৰি যে বহুতে .২২ পিষ্টল কম শক্তিশালী বুলি দাবী কৰে যদিও ইয়াৰ মানুহ হত্যা কৰাৰ ক্ষমতা আছে।

লগতে পঢ়ক: টকা খৰচ কৰি গাড়ী কিনিব পাৰে, টোল টেক্স দিওতেহে সমস্যা হয় : ভৱেশ কলিতাৰ বচন

আৰক্ষীয়ে অভিযুক্তই কেনেদৰে এনে পিষ্টল ৰাখিব পাৰিলে সেয়া বিচাৰি উলিয়াবলৈ চেষ্টা চলাই আছে।