NORTHEAST NOW (Assamese)
অসম

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ছয় কাৰাবন্দী, দুই কৰ্মচাৰী ক’ভিড পজিটিভ

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য July 25, 2020 11:19 pm
6 undertrial prisoners, 2 staff members of Jorhat Central Jail test COVID19 positive

ছয় বিচাৰাধীন বন্দী আৰু দুগৰাকী কৰ্মচাৰী যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত শনিবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

কাৰাগাৰৰ সূত্ৰই জনোৱা মতে ছজন কাৰাবন্দীৰ ভিতৰত এজনে জামিনত মুক্তি পাইছে আৰু তেওঁক এক ক’ভিড কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

“বাকী পাঁচগৰাকীক বেলেগ কোঠালৈ লৈ যোৱা হৈছে আৰু আছুতীয়াকৈ ৰখা হৈছে। তেওঁলোকৰ অৱস্থা নিৰীক্ষণ কৰি থকা হৈছে,” সূত্ৰটোৱে জনায়।

আনহাতে, সূত্ৰমতে কাৰাগাৰখনৰ এগৰাকী ফাৰ্মাচিষ্ট আৰু এগৰাকী কনিষ্টবলো ক’ভিড পজিটিভ চিনাক্ত হৈছে।

কাৰাগাৰৰ এগৰাকী বিষয়াই জনোৱা মতে ক’ভিড পজিটিভ চিনাক্ত হোৱা কাৰাবন্দীকেইগৰাকীক আন কাৰাবন্দীৰ সৈতে মিলিবলৈ দিয়া হোৱা নাছিল আৰু তেওঁলোক পোনে পোনে আদালতৰ পৰা কাৰাগাৰলৈ আহিছিল।

ইফালে যোৰহাটৰ উপায়ুক্ত ৰশ্নি এ ক’ৰাতিয়ে জনোৱা মতে জিলাখনত শনিবাৰে ৬৭গৰাকী নতুন ক’ভিড পজিটিভ ব্যক্তি চিনাক্ত হৈছে আৰু তেওঁলোকৰ ভ্ৰমণৰ ইতিহাস নাই।

জিলাখনত শুকুৰবাৰে পজিটিভ পোৱা ১০৫গৰাকী ব্যক্তিৰো ১০৩গৰাকীৰে ভ্ৰমণৰ ইতিহাস নাছিল।

যোৰহাটত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত হৈছে ১৩৪১গৰাকী।

ইয়াৰে ৫৬৩গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৭৬৯গৰাকী।