NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯: অসমত শনিবাৰে ১২৯৪ আৰোগ্য, ১১৬৫ নতুন আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2020 12:07 am
COVID19: 2310 persons discharged in Assam on Friday

১২৯৪গৰাকী ব্যক্তিয়ে অসমত শনিবাৰে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে ১১৬৫গৰাকী নতুনকৈ আক্ৰান্ত হৈছে।

আক্ৰান্তসকলৰ ভিতৰত ৩৫৩গৰাকী গুৱাহাটীৰ, গোলাঘাটৰ ১০০গৰাকী।

অসমত এতিয়ালৈকে ২৩,০৫৫গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৭৯৫১গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইফালে আৰু এগৰাকী লোকে অসমত শনিবাৰে ক’ভিড-১৯ত প্ৰাণ হেৰুৱাইছে।

ক’ভিডত প্ৰাণ হেৰুওৱা ব্যক্তিজন হৈছে নগাঁৱৰ ৰঞ্জিত বৈদ্য (৬৫)।

বৈদ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতেলত চিকিৎসাধীন হৈ আছিল।

এইজন ব্যক্তিক ধৰি অসমত ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৭৭লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত হৈছে ৩১,০৮৬গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।