NORTHEAST NOW (Assamese)
Popular Stories

“ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰা হওক বাবা ৰামদেৱৰ বিৰুদ্ধে!” : প্ৰধানমন্ত্ৰীক কোনে ক’লে এইদৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 26, 2021 7:44 pm
“ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰা হওক বাবা ৰামদেৱৰ বিৰুদ্ধে!” : প্ৰধানমন্ত্ৰীক কোনে ক’লে এইদৰে

ইণ্ডিয়ান মেডিকেল এছ’চিয়েনৰ উত্তৰাখণ্ড শাখাই বাবা ৰামদেৱে এলোপেথি সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে এহেজাৰ কোটি টকাৰ মানহানি গোচৰ কৰাৰ পাছতে এছ’চিয়েনৰ সৰ্বভাৰতীয় কমিটিখনে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত কোৱা হৈছে যে ৰামদেৱৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব লাগে।

তদুুৰি ক’ভিড ভেকচিন সম্পৰ্কত ভুৱা তথ্য প্ৰদান কৰাতো ৰামদেৱক বাধা প্ৰদান কৰিব লাগে।

পত্ৰখন কোৱা হৈছে যে এলোপেথিৰ ওপৰত এনেধৰণৰ বিকৃত মন্তব্য কৰি স্বাস্থ্য মন্ত্ৰালয়ৰ চিকিৎসা নিৰ্দেশনাকো ৰামদেৱে প্ৰত্যাহ্বান জনাইছে।

এইক্ষেত্ৰত ৰামদেৱে নিজৰ পটঞ্জলীয়ে উৎপাদন কৰা ঔষধসমূহৰ চাহিদা বৃ্‌দ্ধি কৰিব খুজিছে বুলিও লিখা হৈছে।

ক’ভিড ভেকচিনৰ ওপৰত বিকৃত তথ্য উপস্থাপনৰ বাবে ৰামদেৱৰ ওপৰত অতিশীঘ্ৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব লাগে বুলি পত্ৰখনত কোৱা হৈছে।