NORTHEAST NOW (Assamese)
দেশ

কৰ’নাত আক্ৰান্ত হৈ মেক্সিকোৰ স্বাস্থ্য মন্ত্ৰীৰ মৃত্যু

Posted by: এন ই নাও নিউজ July 27, 2020 2:40 pm

মেক্সিকোৰ স্বাস্থ্য মন্ত্ৰী ডাঃ জেছাছ গ্ৰাজেদাৰ কৰনাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি অনুসৰি দেওবাৰে চিহুয়াহুৱাৰ গৱৰ্ণৰে স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খৱৰ নিশ্চিত কৰিছে।

প্ৰায় দুসপ্তাহ পূৰ্বে কৰনা ভাইৰাছত আক্ৰান্ত হৈ ডাঃ জেছাছ গ্ৰাজেদা হাস্পাতালত ভৰ্তি হৈছিল।

স্বাস্থ্য মন্ত্ৰীগৰাকী শ্বাসজনিত সমস্যাত ভূগি অৱশেষত মৃত্যুক সাৱটি লয়।

স্বাস্থ্য মন্ত্ৰী ডাঃ জেছাছ গ্ৰাজেদৰ মৃত্যুত চিহুয়াহুৱাৰ গৱৰ্ণৰে গভাৰ শোক প্ৰকাশ কৰি কয় যে ডাঃ জেছাছৰ মৃত্যুৱে যি শোকৰ সৃষ্টি কৰিছে সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।

মেক্সিকোত শনিবাৰলৈকে প্ৰায় ৩লাখ ৮৫হাজাৰ লোক কৰনা ভাইৰাছত আক্ৰান্ত হৈছে। তদুপৰি, দেশখনত এতিয়ালৈকে এই মহামাৰীত ৪৩হাজাৰ ৫০০জন লোকৰ মৃত্যু হৈছে।