NORTHEAST NOW (Assamese)
দেশ

দেশখনত প্ৰথম কৰ’না আক্ৰান্তৰ ঘটনা! উত্তৰ কোৰিয়াত জৰুৰী অৱস্থা ঘোষণা কিম জং উনৰ

Posted by: এন ই নাও নিউজ July 27, 2020 2:48 pm
kim jung un

উত্তৰ কোৰিয়াত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে দেশখনৰ একনায়কত্ববাদী শাসক কিম জং উনে।

তদুপৰি, সীমান্তৱৰ্তী চহৰ ক্যাচঙত লকডাউন ঘোষণা কৰা হৈছে।

দেশখনত প্ৰথমটো কৰনা আক্ৰান্তৰ আশংকাত কোনোধৰণৰ আপোচ নকৰি দেশখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাতৰি অনুসৰি, কৰনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সৰ্বাত্মক জৰুৰী ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে তথা হাই এলাৰ্ট জাৰি কৰাৰ উদ্দেশ্যে কিম জং উনে শনিবাৰে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে।

অৱশ্যে, চহৰখনত এজন ব্যক্তি কৰনাত আক্ৰান্ত হোৱা বুলি মাত্ৰ সন্দেহহে কৰা হৈছে। যদি সেয়া নিশ্চিত হয় তেতিয়াহলে এইটোৱে দেশখনত প্ৰথমটো কৰনা আক্ৰান্তৰ ঘটনা।

বাতৰিত প্ৰকাশ পোৱা মতে, তিনিবছৰ পূৰ্বে দেশ এৰি যোৱা এজন ব্যক্তি যোৱা ১৯ জুলাইত সীমান্ত অতিক্ৰম কৰি অবৈধভাৱে দেশখনত প্ৰৱেশ কৰিছে।

কৰ্তৃপক্ষই তেওঁকেই কৰনাত আক্ৰান্ত বুলি সন্দেহ কৰিছে।

বাতৰি অনুসৰি দেশখনৰ দক্ষিণ সীমান্তৰ ক্যাচং চহৰত সেই ব্যক্তিজনক কঠোৰভাৱে কোৱাৰেন্টাইন কৰি ৰখা হৈছে।

তদুপৰি, তেওঁৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা সকলো লোককে কঠোৰ কোৱাৰেন্টাইনৰ মাজত ৰখা হৈছে।

দেশখনৰ বাবে এয়া এক বিপজ্জনক পৰিস্থিতি বুলি অভিহিত কৰি দেশখনত প্ৰথম ভাইৰাছৰ প্ৰৱেশ ঘটাৰ শংকাত কিম জঙে ক্যাচং চহৰখন সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে সমগ্ৰ দেশতে জৰুৰী অৱস্থা ঘোষণা কৰিছে।C