NORTHEAST NOW (Assamese)
অসম

অসমত ১৩৪৮ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.১৯ শতাংশ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 27, 2020 10:46 pm
642 persons test Covid19 positive in Assam on Saturday

ৰাজ্যত ২১৭৪২ টেষ্টৰ ভিতৰত মাত্ৰ ১৩৪৮ গৰাকী কোভিড-১৯ পজিটিভ হৈছে। ইয়াৰে গুৱাহাটীৰ ১৫৫ গৰাকী আক্ৰান্ত হৈছে।

পজিটিভৰ হাৰ ৬.১৯ শতাংশ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইয়াকে লৈ ৰাজ্যত চিনাক্ত মুঠ কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩,৫৭৬ গৰাকীলৈ বৃদ্ধি পাইছে।

ইয়াৰে ২৪,০৪০ গৰাকী সুস্থ হৈ চিকিৎসালয়ৰ পৰা গৃহলৈ ওভতাৰ লগতে ৯৪৪৭ গৰাকী বৰ্তমানলৈকে চিকিৎসাধীন হৈ আছে।

ৰাজ্যত কোভিড আক্ৰান্ত হৈ ৮৬গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে।

কালিৰ দিনটোতো ২০৫৪২ টেষ্টৰ ভিতৰত মাত্ৰ ১১৪২ গৰাকী কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল।

ইয়াৰে গুৱাহাটীৰ ১৭১ গৰাকী, কামৰূপৰ ১৮৮ গৰাকী আৰু দৰঙৰ ১০০ গৰাকী আক্ৰান্ত হৈছিল।