NORTHEAST NOW (Assamese)
দেশ

কবিগুৰু ৰবীন্দ্ৰনাথৰ নামত ৰখা হ’ল বেক্টেৰিয়াৰ নাম : কিন্তু কিয়?  

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2023 9:15 pm

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত ৰখা হৈছে নতুনকৈ আৱিস্কাৰ হোৱা এটা বেক্টেৰীয়াৰ নাম।

শেহতীয়াকৈ ভাৰতৰ একাংশ গৱেষকে এটা নতুন বেক্টেৰিয়া আৱিষ্কাৰ কৰিছে। এই বেক্টেৰিয়াটোৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে ৰখা হৈছে। 

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মাইক্ৰ’বায়’লজী লেবৰ অধ্যাপক বোম্বা ডেম আৰু তেওঁৰ পাঁচজন সহকাৰী গৱেষকে শেহতীয়াকৈ এই বেক্টেৰিয়াটো আৱিষ্কাৰ কৰিছে। যাৰ নাম Pantoea Tagorei।

গৱেষক দলটোৰ মুৰব্বী বুম্বা বান্ধে কয় যে এই নতুন বেক্টেৰিয়া পৰিৱেশ আৰু মানুহৰ বাবে অতি উত্তম। এই বেক্টেৰিয়াই উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।

বুম্বা বান্ধে সংবাদ মাধ্যমৰ আগত কয় যে এটা কয়লা খনিত এই নতুন বেক্টেৰিয়া পোৱা গৈছে। ই প্ৰধানকৈ ফছফৰাছ দ্ৰৱীভূত কৰে। ইয়াৰ উপৰিও ই মাটিত নাইট্ৰ’জেনৰ ভাণ্ডাৰ পুনৰ ভৰাই তুলিব পাৰে।

ফচফৰাছ আৰু নাইট্ৰজেন – দুয়োটাই উদ্ভিদ জীয়াই থকাত সহায় কৰে আৰু উৎপাদন বৃদ্ধি কৰে। সেয়েহে গৱেষকসকলে এই নতুন বেক্টেৰিয়া পৰিৱেশ আৰু মানুহৰ বাবে উপকাৰী বুলি বিশ্বাস কৰে।

গৱেষকৰ মতে কবিগুৰুৱে গছ-গছনি ভাল পাইছিল। ইয়াৰ বাহিৰেও কৃষিক্ষেত্ৰত তেওঁৰ বিভিন্ন অৱদান আছে। তেওঁ কৃষিৰ উন্নতিৰ বাবে বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। সেইবাবেই এই উপকাৰী বেক্টেৰিয়াৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।