NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনত  ধনবল-বাহুবল প্ৰয়োগৰ প্ৰয়োগ সুস্থ গণতন্ত্ৰৰ পৰিপন্থী : আচিং জেমে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2023 8:00 pm

ডিমা-হাচাও স্বায়ত্ব শাসিত পৰিসদীয় নিৰ্বাচনৰ মনোনয়নৰ সময়ত ধনবল আৰু বাহুবল প্ৰয়োগ হোৱা পৰিপ্ৰেক্ষিতত আজি হাফলংস্থিত ডিমা-হাচাও তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়ত জিলা সভাপতি তথা চলিত নিৰ্বাচনৰ হাফলঙ সমষ্ঠিৰ প্ৰাৰ্থী আচিং জেমিয়ে এক সংবাদমেল অনুষ্ঠিত কৰি এই কাণ্ডক কঠোৰ ভাষাৰে সমালোচনা কৰে। 

সংবাদমেলত আচিং জেমিয়ে কয় যে, আপোনালোক  জ্ঞাত যে কিমান ৰক্তাক্ত পৰিস্থিতি, কিমান সংগ্ৰামৰ অন্তত ডিমা হাচাও পাৰ্বত্য জিলাখনত শান্তি আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে। এটা সময়ত  সন্ধিয়া হলেই হাফলঙত ৰাজপথ শূন্য হৈ পৰিছিল। এতিয়া সেই পৰিস্থিতি নাই। কিন্তু একাংশ লোকে শান্তি প্ৰতিষ্ঠিত ডিমা- হাচাওত পুনৰ অশান্ত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। এতিয়া সকলোৱে শান্তি বিচাৰিছে। 

সংবাদমেলত তেওঁ আৰু কয় যে – কংগ্ৰেছৰ ৩ জন প্ৰাৰ্থীক শাসকীয় বিজেপি দলে অপহৰণ কৰা বুলি কংগ্ৰেছৰ জেষ্ঠ্য নেতা অৰূপ ভট্টাচাৰ্যই যি অভিযোগ উত্থাপন কৰিছে সেয়া যদি সত্য তেন্তে এই ঘটনা ডিমা-হাচাওৰ গণতন্ত্ৰৰ বাবে অতিকৈ বিপদজনক। 

সময়ে সময়ে শাসকীয় দলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈ আহিছে। এনে ঘটনাই ডিমা-হাচাওৰ শান্তি-সম্প্ৰীতি নষ্ট কৰিব। ৰাইজে বিবেচনা কৰিব লাগিব ভোট কাক দিব। আজি প্ৰাৰ্থীক ভয় ভাবুকি দিছে, কাইলৈ সাধাৰণ জনতাৰ ঘৰত সোমাই ভাবুকি দিব।

লগতে তেওঁ কয়, “ জিলা কংগ্ৰেছ সভাপতিয়ে কালি এক সংবাদমেলত অভিযোগ কৰিছে যে- কংগ্ৰেছৰ আন তিনিজন প্ৰাৰ্থীক মনোনয়নৰ পুনৰীক্ষণ  চলি থকা জিলা নিৰ্বাচনী কাৰ্যালয়ৰ বাকৰিতে বিজেপিয়ে টকাৰ প্ৰলোভন দিছিল। যাৰ ফলত আন তিনিজন প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। অৰ্থাৎ কংগ্ৰেছৰ তিনিজন প্ৰাৰ্থী বিজেপিৰ হাতত বিক্ৰী যায়। ইয়াৰ অৰ্থ এটাই, দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত ডিমা হাচাওত যি গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল  সেই গণতন্ত্ৰত কংগ্ৰেছ আৰু বিজেপিয়ে মিলি কালিমা সানিলে। ধনৰ বাবে বিজেপিৰ ওচৰত কংগ্ৰেছ বিক্ৰী গৈছে। তাতকৈ আৰু লজ্জাজনক ঘটনা আৰু একো হব নোৱাৰে। আমি ডিমা-হাচাও তৃণমূল কংগ্ৰেছে অসম কংগ্ৰেছৰ এই কাৰ্যক গৰিহণা দিছো। কংগ্ৰেছৰ এনে কাপুৰুষতাক ধিক্কাৰ দিছো। কংগ্ৰেছৰ এই কাণ্ডই পুনৰবাৰ প্ৰমাণ কৰিছে যে- ডিমা-হাচাওত বিজেপিৰ সৈতে যুঁজিব পৰা একমাত্ৰ দল হল অসম তৃণমূল কংগ্ৰেছ। বিজেপিৰ কোনো ধনবল বাহুবলে টিএমচিৰ প্ৰাৰ্থীক প্ৰভাৱান্বিত কৰিব নোৱাৰে। ডিমা-হাচাও তৃণমূল কংগ্ৰেছ ৰাইৰ লগত আছে, ৰাইজৰ লগত থাকিব।’’