NORTHEAST NOW (Assamese)
Popular Stories

মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াক ডেপুটেশ্যনত পঠিয়াব দিল্লীলৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 28, 2020 11:21 am

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰধান সচিব সঞ্জয় লোহিয়াক দিল্লীলৈ চেণ্ট্ৰেল ডেপুটেশ্যনত পঠিওৱা হ’ব বুলি জানিব পৰা গৈছে।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ এক উচ্চস্তৰীয় সুত্ৰই এই কথা জনাইছে।

দুই-এদিনতে এই সন্দৰ্ভত এক নিৰ্দেশ প্ৰকাশ পাব আৰু তাৰ পাছতে যোগদানৰ বাবে দিল্লীলৈ উৰা মাৰিব বুলি সূত্ৰত প্ৰকাশ পাইছে।

বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পৰাই অৰ্থাৎ প্ৰায় চাৰিবছৰ ধৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ত গুৰুত্ত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল।

তেনে ক্ষেত্ৰত হঠাৎ তেওঁক দিল্লীলৈ কিয় ডেপুতেশ্যন কৰা হ’ল সেইবিষয়ে কোনেও মুখ নুখুলিলেও বিভিন্ন সময়ত কয়লা ছিণ্ডিকেটকে ধৰি অন্যান্য ছিণ্ডিকেটৰাজত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়লৈ অভিযোগৰ আঙুলি উঠি থকাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে।

উল্লেখযোগ্য যে, লোহিয়া অসম মেঘালয় কেডাৰৰ ১৯৯৪ বেটছৰ IAS বিষয়া আছিল। তাৰ পাছত তেওঁ ভাৰত চৰকাৰৰ বীজ বিভাগৰ যুটীয়া সচিব হিচাপেও কৰ্মৰত আছিল। ইয়াৰোপৰি তেওঁ শোণিতপুৰ, নলবাৰী আৰু দৰঙৰ জিলা উপায়ুক্ত হিচাপে কৰ্মৰত আছিল।