NORTHEAST NOW (Assamese)
অসম

১১ বছৰৰ মূৰত আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ সুযোগ লাভ কৰিব পাৰে এইগৰাকী বেটছমেনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2020 12:07 pm

১১ বছৰৰ মূৰত পাকিস্তানৰ হৈ আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ খেলাৰ সুযোগ লাভ কৰিব পাৰে ফৱাদ আলমে।

ইংলেণ্ডৰ বিৰুদ্ধে খেলিব লগীয়া টেষ্ট শৃংখলাটোৰ বাবে পাকিস্তানৰ ২০ জনীয়া দলত আলমক স্থান দিয়া হৈছে।

মুখ্য প্ৰশিক্ষক তথা মুখ্য নিৰ্বাচক মিছবাহ উল হকৰ নেতৃত্বত নিৰ্বাচক মণ্ডলীয়ে বেটছমেন ইফটিকাৰ আহমেদ, খুছদিল শ্বাহ, ফখৰ জমান আৰু হেঈদৰ আলীক দলত স্থান দিয়া নাই।

এই চাৰিজন বেটছমেনৰ অনুপস্থিতিত ৩৪ বছৰীয়া বাওঁহতীয়া বেটছমেন আলমে দলত সুযোগ পোৱাৰ পূৰ্ণ সম্ভাৱনাই দেথা দিছে।

এই পৰ্যন্ত আলমে মাত্ৰ তিনিখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত দেশক প্ৰতিনিধিত্ব কৰিছে। তেওঁ অন্তিমখন মেচ ২০০৯ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিছিল।

আজহাৰ আলীৰ নেতৃত্বত ২০ জনীয়া দল ঘোষণা কৰা পাকিস্তানে অহা ৫ আগষ্টৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব।

তিনিখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ মানচেষ্টাৰত অনুষ্ঠিত হ’ব।

টেষ্ট শৃংখলাৰ পিছত তিনিখনীয়া টি-২০ শৃংখলাও অনুষ্ঠিত হ’ব দুয়ো দলৰ মাজত।