NORTHEAST NOW (Assamese)
অসম

চীনক শ’লঠেকত পেলাই ইণ্ডোনেছিয়াক ব্রাহ্মছ মিছাইল যোগান ধৰিব ভাৰতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2020 4:50 pm
BrahMos_Missile

ৰঙা চীনৰ আগ্ৰাসী মনোভাৱে তীব্ৰ হেঁচাৰ মাজত ৰখা ভাৰতে চীনৰ বিৰুদ্ধে বিশেষ ৰণ কৌশল যুগুতাই উলিয়াবলৈ বাধ্য হৈছে।

আন্তঃৰাষ্ট্ৰীয় মহলত ভাৰতে চীনৰ বিৰুদ্ধে সমৰ্থন আদায় কৰাৰ চেষ্টাও অব্যহত ৰাখিছে।

চীনৰ সৈতে কেৱল ভাৰতৰেই সংঘাত নহ’য়,বিশ্বৰ কমেও ৩০ খন দেশৰ সৈতে চীনৰ বিভিন্ন বিষয়ক লৈ সংঘাত হৈ আছে।

সেয়ে চীনৰ শত্ৰু ৰাষ্ট্ৰ সমূহৰ সৈতে সু-সম্পৰ্ক গঢ় দিয়াত গুৰুত্ব দিছে ভাৰতে।চীনৰ এখন শত্ৰু ৰাষ্ট্ৰ হৈছে ইণ্ডোনেছিয়া।

দক্ষিণ চীন সাগৰক লৈ দেশ খনৰ সৈতে দশকৰ পিছত দশক ধৰি সংঘাত চলি আহিছে।

এনে পৰিস্থিতিত ভাৰতে ইণ্ডোনেছিয়াক দেশৰ শক্তিশালী ব্ৰাহ্মছ মিছাইল প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

কিছুদিন আগতে ভাৰত ভ্ৰমণ কৰিছে ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী পাৰবো চাবিয়ান্তই। চাবিয়ান্তৰ সৈতে ভাৰতে ইতিমধ্যে ব্ৰাহ্মাছ মিছাইল যোগান ধৰাৰ বিষয়ত প্ৰায় চূড়ান্ত সিদ্ধান্ত লোৱা বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

ৰাছিয়াৰ সৈতে লগ লাগি ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৩০০ কিলোমিটাৰ ব্যাসাৰ্দ্ধত আঘাত হানিবলৈ সক্ষম।

২.৫ টন ওজনৰ এই মিছাইল বিধ লাভ কৰিবলৈ ইণ্ডোনেছিয়াই অত্যন্ত আগ্ৰহ ব্যক্ত কৰা বুলি চৰকাৰী সূত্ৰটোৱে প্ৰকাশ কৰিছে।

২০১৮ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইণ্ডোনেছিয়া ভ্ৰমণ কৰাৰ সময়ত দেশ খনৰ সৈতে ভাৰতৰ এখন প্ৰতিৰক্ষা চুক্তি হৈছিল।

চীন-ভাৰতৰ সংঘাতৰ পৰিণতিত যদি কেতিয়াবা বিশ্ব যুদ্ধৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হয়ো তেন্তে ভাৰতক নিঃসন্দেহে সহায় কৰিব চীন বিৰোধী দেশ কেইখনে।

এনে পৰিস্থিতিত ভাৰতে তেনে দেশ সমূহক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত কৰি ৰখাটো প্ৰয়োজনীয় কথা হৈ পৰিছে।