NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ বিধায়ক আমিনুল লস্কৰ কোভিড-১৯ প’জিটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 28, 2020 4:11 pm

বিজেপিৰ বিধায়ক তথা উপাধ্যক্ষ আমিনুল হক লস্কৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

এক ফেইচবুক পোষ্টযোগে নিজেই এই কথা প্ৰকাশ কৰিছে সোনাই সমষ্টিৰ বিজেপিৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ গৰাকী।

বিধায়ক গৰাকীৰ লগতে তেওঁৰ গাড়ী চালক লিটন দাসো ক’ৰ’না প’জিটিভ হৈছে।

ইতিমধ্যেই শিলচৰ মেডিকেল কলেজ হাস্পিটেলত দুয়োগৰাকীকে ভৰ্তি কৰোৱা হৈছে।

অৱশ্যে, তেওঁৰ পৰিয়ালৰ অন্য সকলো সদস্যৰ ফলাফল নিগেটিভ অহা বুলি ফেইচবুক পোষ্টতে বিধায়ক গৰাকীয়ে উল্লেখ কৰিছে।

ফেইচবুকৰ জৰিয়তে, বিগত এসপ্তাহৰ পূৰ্বলৈকে যিসকল লোক তেওঁৰ সংস্পৰ্শলৈ আহিছিল সকলোকে আছুতীয়াকৈ ৰখাৰ বাবে আহ্বান জনোৱাৰ লগতে কোভিড টেষ্ট কৰাবলৈ আহ্বান জনাইছে লস্কৰে।

আজি ৰাতিপুৱাৰ ভাগত বিধায়ক গৰাকীৰ শৰীৰ বেছিকৈ বেয়া হোৱাত কোভিড-১৯ টেষ্ট কৰে।

আমিনুল লস্কৰে বিগত ৬ দিন পূৰ্বে ধলাইত এটা পকীপথৰ আধাৰশিলা স্থাপন কৰিছিল।

আমিনুল লস্কৰৰ উপৰিও বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা (জেষ্ঠ)কে ধৰি বহুকেইগৰাকী বিধায়কৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।