NORTHEAST NOW (Assamese)
Popular Stories

আকৌ গুৱাহাটীৰ ৰাজপথত উচ্চাৰিত হ’ল “কা আমি নামানো” ধ্বনি : কৃষক আৰু ছাত্ৰ মুক্তিৰ আন্দোলন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 28, 2020 7:11 pm
index.jpg1

আকৌ গুৱাহাটীৰ ৰাজপথত উচ্চাৰিত হ’ল “কা আমি নামানো” ধ্বনি।

দীৰ্ঘদিনৰ বিৰতিৰ মূৰত পুনৰ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰোধী প্ৰতিবাদ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীসকলে।

ইয়াৰোপৰি কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে।

ক’ৰ’ণা আতংকৰ মাজতেই মঙলবাৰে ৰাজপথলৈ ওলাই আহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মী।

গুৱাহাটীৰ চানমাৰিস্থিত স্মৃতি সৌধৰ সন্মুখত সংগঠনটোৱে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী।

ক’ৰ’ণাৰ ভয়াৱহতাৰ লগতে অখিল গগৈ, ধৈৰ্য কোঁৱৰকে ধৰি কেইবাজনো নেতা কৰাৰুদ্ধ হোৱাৰ পাছত কাৰ্যতঃ স্থৱিৰ হৈ পৰিছিল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ।

সেই স্থবিৰতা আঁতৰাই মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি এইদৰে পুনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল’লে সংগঠনটোৱে।

কিন্তু কিছু সময় পাছতেই প্ৰতিবাদস্থলীত উপস্থিত হ’ল পি পি ই কীট পৰিহিত আৰক্ষীৰ দল।

সম্প্ৰতি গুৱাহাটী মধ্য আৰক্ষী জিলাত চলি থকা ১৪৪ ধাৰাৰ দোহাই দি আৰক্ষীয়ে আটক কৰি লৈ যায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক।

ইপিনে, প্ৰশাসনে বান্ধি দিয়া সকলো নিয়ম পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰা বুলি দাবী কৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ সদস্যসকলে।

তাৰ পাছতো আৰক্ষীয়ে টানি আজুৰি প্ৰতিবাদকাৰীক আটক কৰাটো অন্যায় তথা বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰিতা বুলি তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ উপদেষ্টা চাহজাহান আলীয়ে।

উল্লেখযোগ্য যে বিগত প্ৰায় ৭ মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ।গগৈৰ তিনিগৰাকী সতীৰ্থই ইতিমধ্যে জামিনত মুক্তি লাভ কৰিছে যদিও কৃষক নেতাজনে বৰ্তমানেও জামিন লাভ কৰা নাই।