NORTHEAST NOW (Assamese)
Popular Stories

শাক-পাচলি বিক্ৰী কৰি থকা যুৱতীক চাকৰি দিলে চনু চুডে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2020 11:56 am

লকডাউনৰ সময়ত আৱদ্ধ শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ উভতি যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা বলিউদ অভিনেতা চনু চুডে আন এটা মহৎ কাম কৰি সকলোৰে হৃদয় জিনিছে।

ক’ভিড-১৯ মহামাৰীৰ ফলত চাকৰি হেৰুওৱা হাইদৰাবাদৰ এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে শাক-পাচলি বিক্ৰী কৰিব লগীয়া হোৱাত চনুৱে যুৱতী গৰাকীক চাকৰিৰ ব্যৱস্থা কৰি দিয়ে।

হাইদৰাবাদৰ নিবাসী উনাদি শাৰদা নামৰ যুৱতী গৰাকী এটা মাল্টি নেশ্যনেল কোম্পানিত কৰ্মৰত হৈ আছিল।

কিন্তু লকডাউনৰ ফলত কোম্পানিটোৰ আৰ্থিক অৱস্থা বেয়া হোৱাত যুৱতী গৰাকীয়ে চাকৰি হেৰুৱায়। ইয়াৰ পিছৰে পৰা যুৱতী গৰাকীয়ে উপাৰ্জনৰ বাবে শাক-পাচলি বিক্ৰী আৰম্ভ কৰে।

শাৰদাই কয় যে মই এম এন ছিত কাম কৰিছিলো, কিন্তু লকডাউনৰ সময়ত কোম্পানিয়ে চাকৰি এৰিবলৈ কয়। ইয়াৰ পিছতে মই জীৱন নিৰ্বাহৰ বাবে শাক-পাচলি বিক্ৰী কৰিবলৈ লও। অলপতে চনু চুডে মোক ফোন কৰি চাকৰিৰ অফাৰ দিয়ে। মই ইণ্টাৰভিউ দিছো, এতিয়া অতি শীঘ্ৰে শেষ সিদ্ধান্ত ল’ব লাগিব।

যুৱতী গৰাকীয়ে লগতে কয় যে লকডাউনৰ ফলত বহু যুৱক-যুৱতী কৰ্মহীন হৈ পৰিছে সেয়ে সেই যুৱক-যুৱতীসকলক সহায়ৰ বাবে চনু চুডৰ দৰে আৰু কিছু সংখ্যক লোক ওলাই অহাৰ প্ৰয়োজন।