NORTHEAST NOW (Assamese)
অসম

মণিপুৰত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2020 12:06 pm

আজি ৰাতিপুৱা মণিপুৰত প্ৰথম গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হয়।

কোভিড আক্ৰান্ত ৰোগী গৰাকী লগতে ক্ৰনিক কিডনীৰ ৰোগতো ভূগি আছিল আৰু আৰ আই এম এছত চিকিৎসা গ্ৰহণ কৰি আছিল।

আজি ৰাতিপুৱাই ৰোগী গৰাকীৰ চিকিৎসালয়ত মৃত্যু হয়।

মঙলবাৰে মণিপুৰত ২২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

আনহাতে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৫৬ গৰাকী লোকক আৰোগ্য হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

মণিপুৰত মঙলবাৰলৈ মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২,৩১৭ গৰাকীলৈ বৃদ্ধি পায়।

ৰাজ্যখনত বৰ্তমান ৭০২ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে ১৬১৫ গৰাকী লোকে চিকিৎসাৰ অন্তত সম্পুৰ্ণ সুস্থ হৈ উঠিছে।

মণিপুৰত আৰোগ্যৰ হাৰ হৈছে ৬৯.৭০ শতাংশ।

মণিপুৰত বৰ্দ্ধিত ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰৰ মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ জনসাধাৰণক সামাজিক দূৰত্ব মানি চলি মাস্ক পৰিধান কৰি থাকিবলৈ আহ্বান জনাইছে।