NORTHEAST NOW (Assamese)
অসম

দেহৰ প্ৰতিটো অংগ দান কৰাৰ কথা ঘোষণা এগৰাকী বলীউদ অভিনেতাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 21, 2019 10:50 am
boseee_1568995731_618x347

দেহৰ এটা এটা অংগ দান কৰাৰ বাবে প্ৰস্তুত হোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে এগৰাকী বলীউদৰ অভিনেতাই।

অভিনেতা-পৰিচালক তথা খেলুৱৈ ৰাহুল বোসে তেওঁৰ শৰীৰৰ এটা এটা অংগ দান কৰাৰ সিদ্ধান্ত লৈছে।

সংবাদ প্ৰতিষ্ঠানৰ আগত বোসে ঘোষণা কৰিছে যে তেওঁৰ শৰীৰ প্ৰতিটো অংগ দান কৰি তেওঁ আনন্দিত।

নিজৰ শৰীৰৰ হাড়, পেশী আৰু চকুৰ পৰা আৰম্ভ কৰি দেহৰ প্ৰতিটো অংগই তেওঁ দান কৰিব।

বৰ্তমান ৫২ বছৰীয়া অভিনেতাগৰাকীয়ে অহা ২৪ ছেপ্টেম্বৰত দিল্লীত চি আই আই ইণ্ডিয়ান উইমেন নেটৱৰ্ক আৰু ইয়ং ইণ্ডিয়ানছ’ৰ দিল্লী  শাখাৰ দ্বাৰা আয়োজন কৰা এক আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকিব।

উক্ত দিনাই বোসে আনুষ্ঠানিকভাৱে অংগ দানৰ চুক্তিত স্বাক্ষৰ কৰিব।

অংগদান সম্পৰ্কত অভিনেতাগৰাকীয়ে কয় যে এয়া মোৰ বাবে বহুত সহজ। মই এনে কোনো কাম কৰিব বিচাৰো যাৰ দ্বাৰা কোনো মানুহৰ জীৱন উপকৃত হয়।

তেওঁ লগতে কয় যে বিগত ১৪ বছৰে তেওঁ এনেধৰণৰ অভিযানৰ সৈতে জড়িত হৈ আছে। গতিকে, ‘মই যদি মোৰ অংগ দান কৰি কোনো লোকক সহায় কৰিব পাৰো তেনেহ’লে মোৰ ইয়াত কোনো চিন্তাৰ কাৰণ নাই।‘

‘’আপোনাৰ যদি মৃত্যু হয় আৰু আপোনাৰ শৰীৰৰ অংগই আপোনাৰ মৃত্যুৰ পাছত ৮-৯জন লোকক সহায় কৰিব পাৰে তেতিয়াহ’লে এয়া যিকোনো লোকৰ বাবে এটা ভাল কাম,’’-তেওঁ কয়।

ৰাহুল বোসে অংগদান কাৰ্য ভাৰতত বিস্তাৰিত হোৱাটো বিচাৰে। তেওঁ কয় যে,’’মই বিচাৰিম যাতে মোৰ এই প্ৰয়াসৰ ফলত অংগদানক লৈ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি পায় আৰু ভয়, শংকা, চিন্তাৰ পৰা মুক্ত হৈ এই পৱিত্ৰ কামত আগবাঢ়ি আহে।‘’

উল্লেখযোগ্য যে ৰাহুল বোসে শিশুৰ শিক্ষা আৰু শিশুৰ যৌন উৎপীড়ন প্ৰতিৰোধৰ বিষয়ত তেওঁৰ ফাউণ্ডেশ্যনৰ জৰিয়তে সহায় আগবঢ়াই আহিছে।