NORTHEAST NOW (Assamese)
অসম

৬ মাৰ্চত বিটিএডি বন্ধৰ আহ্বান যৌথ মঞ্চৰ: ২২ মাৰ্চত ৰে’লপথ অৱৰোধ কাৰ্য্যসূচী আদিবাসী জাতীয় মহাসভাৰ

Posted by: এন ই নাও নিউজ March 2, 2018 10:10 am
BTAD Bandh

বিটিচি চৰকাৰে বিটিএডিত নতুন ভূমি নীতি গ্ৰহন কৰা হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে আদিবাসী মহাসভাই পুনৰ প্ৰতিবাদত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে ভূমি নীতিৰ বিৰুদ্ধাচৰণ কৰি বৃহস্পতিবাৰে আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা ১২ ঘণ্টীয়া বিটিএডি বন্ধত জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছিল।

বিটিএডিৰ শাসকীয় দল বিপিএফে ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ বিৰুদ্ধে বিগত কিছুদিনৰ পৰা বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰিণতিতে যৌথ মঞ্চই বিটিচি বাতিলৰ সমান্তৰালভাবে ভূমিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত অহা ৬ মাৰ্চত ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ আহ্বান জনায়।

আনহাতে, ২২ মাৰ্চত আদিবাসী জাতীয় মহাসভাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ১০ ঘণ্টীয়া ৰে’লপথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে চৰকাৰৰ নতুন ভূমি নীতি সিদ্ধান্ত কাৰ্যকৰী হ’লে বিটিএডিৰ ভূখণ্ডৰ পৰা চাওতাল-আদিৱাসীসকলক বিতৰণ কৰাত সুবিধা হ’ব বুলি তাৎপৰ্যমূলক মন্তব্য কৰে আদিবাসী নেতা বীৰসিং মুণ্ডাই।

ইয়াৰ উপৰি বিটিচিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আদিবাসী মহাসভাই ধাৰাবাহিক আন্দোলন কৰি যাব বুলিও হুংকাৰ প্ৰদান কৰে বীৰসিং মুণ্ডাই।

ইপিনে যোৱা ২৭ ফেব্ৰুৱাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, নাথ-যোগী ছাত্ৰ সন্থা, আক্ৰাছু আৰু আগছু সংগঠনৰ নেতৃত্বই এখন সভা অনুষ্ঠিত কৰি যৌথ মঞ্চ গঠন কৰে৷ যৌথ মঞ্চখন আক্ৰাছুৰ প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মনক মুখ্য আহ্বায়ক হিচাপে লৈ গঠন কৰা হয়।

বিটিচি চৰকাৰৰ এনে ষড়যন্ত্ৰমূলক সিদ্ধান্তক কোনো পধ্যেই সহ্য কৰা নহ’ব বুলি কয় যৌথ মঞ্চৰ নেতৃবৃন্দই৷